গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ: এজন, দুজন নহয় ৩১ টাকৈ বাংলাদেশী সোমবাৰে ৰে’ল আৰক্ষীৰ জালত পৰিল। সোমবাৰে ৰাতিপুৱা গুৱাহাটী ৰে’ল ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত ৰে’ল আৰক্ষীয়ে সন্দেহজনক অৱস্থাত কেইজনমান লোকক প্ৰত্যক্ষ কৰাত আৰক্ষীয়ে লোককেইজনক জেৰা কৰাত লোকসকল বাংলাদেশৰ বাসিন্দা বুলি জানিবলৈ পায়। আৰক্ষীৰ জালত পৰা বাংলাদেশী কেইজনে কাঞ্চনজংঘা এক্সপ্ৰেছেৰে আগৰতলা অভিমুখে যাবলৈ লওতেই ৰে’ল আৰক্ষীৰ জালত পৰে। ৰে’ল আৰক্ষীৰ উপ: অধীক্ষক ইফটিকাৰ আলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে সন্দেহযুক্ত নাগৰিক কেইজনক দেখি তেওঁৰ সন্দেহ হোৱাৰ তেওঁলোকক সোধা পোছা কৰি তেওঁলোকৰ পৰা নথিপত্ৰ বিচাৰত সন্দেহযুক্ত লোকসকলে   আৰক্ষীক কোনো ধৰণৰ নথি পত্ৰ দেখুৱাবলৈ সক্ষম নহয়। অৱশেষত লোককেইজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে যে তেওঁলোক প্ৰকৃততে বাংলাদেশৰ বাসিন্দা আৰু প্ৰায় দুবছৰ পূৰ্বে ভাৰতত তেওঁলোকে প্ৰৱেশ কৰিছিল। বাংলাদেশী লোককেইজন বেংগালৰত যোৱা দুবছৰ ধৰি কৰ্মৰত আছিল আৰু কাম শেষ হোৱাৰ পাছত তেওঁলোক আগৰতলা হৈ বাংলাদেশলৈ গোপনে যোৱাৰ পৰিকল্পনা কৰিছিল। দেওবাৰে বাংগালুৰু এক্সপ্ৰেছযোগে বাংলাদেশী লোককেইজন গুৱাহাটীত আহি উপস্থিত হৈ দেওবাৰৰ দিনটো ষ্টেচনতে থাকি সোমবাৰে আগৰতলা অভিমুখে যোৱাৰ পৰিকল্পনা চলায় থকাৰ সময়তে ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে। উল্লেখ্য যে এই ৩১ টাকৈ বাংলাদেশীৰ ভিতৰত ১০জন পুৰুষ, ৮জনী মহিলা, ৫টাকৈ কিশোৰ আছে। এই বাংলাদেশী লোক কেইজন এজন দালালে সহযোগত বাংলাদেশৰ পৰা আগৰতকা হৈ ভাৰতত প্ৰৱেশ কৰি বেংগালৰলৈ গৈছিল। ৰে’ল আৰক্ষীয়ে বাংলাদেশী নাগৰিক কেইজনক আটক কৰি অধিক তৈথৰ বাবে জেৰা অব্যহত ৰাখিছে।