গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল: সমগ্ৰ বিশ্বতে সন্ত্ৰাস বিয়পাই থকা কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় বুলি সদৰী কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে।

উল্লেখযোগ্য যে চীন দেশৰ পৰা আৰম্ভ হোৱা মহামাৰীয়ে সমগ্ৰ দেশতে এক ভয়ংকৰ পৰিস্থিতিৰ ৰূপ ধাৰণ কৰিছে। বিশ্বৰ বিভিন্ন চহৰৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে ঘোষণা কৰা হৈছিল ২১ দিনীয়া তলাবন্ধ। তলাবন্ধৰ বাবে ১৪ এপ্ৰিল পৰ্যন্ত বন্ধ থাকিব সকলো শিক্ষাৰ লগতে জড়িত ক্ষেত্ৰসমূহ আৰু চৰকাৰী অনুষ্ঠান প্ৰতিস্থানসমূহ। ইয়াৰ লগতে বন্ধ হৈ পৰিছে বিভিন্ন শিক্ষানুষ্ঠান সমূহ, ৰাজপথত বন্ধ ৰখা হৈছে যানবাহন সমূহৰ চলাচল। শিক্ষাখণ্ড সমূহে সময় অনুসৰি অনিস্থিত কৰিব পৰা নাই পৰীক্ষা সমূহ। ইয়াৰ পৰিপ্ৰেক্ষিততে অসমত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আৰু এই কথা সদৰী কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষই। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এই সিদ্ধান্ত অতি সোনকালে ৰাজহুৱা ভাবে ঘোষণা কৰা হ’ব বুলি জনাই অধ্যক্ষগৰাকীয়ে।

পূৰ্বে ২৫ মাৰ্চৰ পৰা ৯ এপ্ৰিল পৰ্যন্ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাতিল কৰা হৈছিল ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।