খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ প্ৰথমটো স্বৰ্ণপদক লাভ কৰিলে পূজা বসুমতাৰীয়ে

In ক্ৰীড়াংগন

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ প্ৰথমটো স্বৰ্ণপদক লাভ কৰিলে পুজা বসুমতাৰীয়ে। জুডুৰ ৫৭ কেজি শাখাত স্বৰ্ণপদক লাভ কৰিলে পূজাই। অসমৰ জুডু খেলুৱৈ গৰাকীয়ে ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিলে উত্তৰাখণ্ডৰ প্ৰতিযোগীক।

খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ বাবে প্ৰথমটো স্বৰ্ণপদক লাভ কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে। পূজাই দেওবাৰে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত জুডুৰ ৫৭ কেজিৰ ১৭ বছৰ অনুৰ্ধ্বৰ শাখাত উত্তৰাখণ্ডৰ প্ৰতিযোগী স্নেহা চৌহানক ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়।

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যহত থকাৰ মাজতে শুকুৰবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হয় তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছ। প্ৰথম দিনাই তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰিডমিক জিমনাষ্টিকৰ ১৭ বছৰ অনুৰ্ধ্বৰ শাখাত উপাসা তালুকদাৰে অসমৰ বাবে প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

Comments

comments

You may also read!

জীৱন্তে অগ্নিদগ্ধ হৈ দুই শিশুৰ কৰুণ মৃত্যু : মুখ্যমন্ত্ৰীৰ তদন্তৰ ঘোষণা

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জানুৱাৰী : মহানগৰীৰ ৱায়াৰলেছত বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াবহ অগ্নিকাণ্ডত দুটিনকনমাই শিশুৱে কৰুণ মৃত্যুক সাৱটি

Read More...

অভিনৱ পন্থাৰে বিশ্বনাথত “কা” বাতিলৰ দাবীত বাটৰ নাট

বিশ্বনাথ, সংবাদ ৩৬৫, ২২ জানুৱাৰী : যোৱা ১৬ জানুৱাৰীৰ পৰা বোকাখাতৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে ৰাজ্যৰ বিভিন্ন ঠাইত

Read More...

পথ দুৰ্ঘটনাত নিহত ডবকাৰ এজন যুৱক

ডবকা, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত । দুৰ্ঘটনাত নিহত হয় ডবকা চহৰৰ এজন যুৱক।নিহত যুৱকজনৰ

Read More...

Mobile Sliding Menu