গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জানুৱাৰীঃ সমগ্র ৰাজ্যতে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গণতন্ত্ৰ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীটো গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি সমাপ্তৰ পথত। মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসালয়ৰ খেল পথাৰত গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন। খেল পথাৰত প্ৰতিদিনে চলিছে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু মহানগৰীৰ বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুশীলন। বিশেষকৈ গণতন্ত্ৰ দিৱস অনুষ্ঠানৰ ‘পেৰেড’ক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে মহানগৰ আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত। শীৰ্ষ আৰক্ষী বিষয়াৰ তত্বাৱধানত চলি থকা পেৰেডৰ অনুশীলনত ভাগ লৈছে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি, স্কাউট এণ্ড গাইডৰ দল আৰু ছাত্ৰ-ছাত্ৰী সকলে। কণ-কণ ছাত্ৰ-ছাত্ৰী সকলেও উৎসাহেৰে পেৰেড’ৰ অনুশীলনত ভাগ লোৱা দৃশ্যই খেল পথাৰত অহা লোকসকলক আপ্লুত কৰিছে । ইয়াৰোপৰি গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰিছে জিলা প্ৰশাসনে। শুক্ৰবাৰে সমগ্ৰহ দেশত উদযাপন কৰা হব গণতন্ত্ৰ দিৱস। সমগ্ৰহ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণতন্ত্ৰ দিৱসক উদ্যাপনক লৈ উৎসাহিত হৈ আছে জনসাধাৰণ। উত্তৰ পূৱৰ কেইবাটাও উগ্ৰপন্থী সংগঠনে গণতন্ত্ৰ দিৱস উদযাপনৰ বিৰোধিতা কৰিছে যদিও এই বাধাক নেওচি গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে সম্পূৰ্নৰূপে প্ৰস্তুত প্ৰশাসনিক বিষয়া তথা ৰাজ্যবাসী। শুক্ৰবাৰে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় খেল পথাৰত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে।