বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামুলপুৰ মহকুমাৰ অন্তৰ্গত গান্ধীবাৰীত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে ফেষ্টুন, বেনাৰ লৈ জাতিধ্বংসী বিধেয়খন বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, অসম চৰকাৰ মূর্দাবাদ, কৃষক মুক্তি জিন্দা বাদ, মোদী চৰকাৰ মূর্দাবাদ, আহ ঐ আহ ওলাই আহ শ্লোগানেৰে গান্ধীবাৰীৰ আকাশ বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদলটো গান্ধীবাৰীৰ কাণ কটা চ’কৰ পৰা গান্ধীবাৰীৰ বিভিন্ন অঞ্চল হৈ গান্ধীবাৰী বজাৰ চ’কত সমাপ্ত ঘটে। সমদলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মুকুট ডেকা, বাক্সা জিলা সমিতিৰ সভাপতি নীলধৰ কলিতা, সম্পাদক থানেশ্বৰ কলিতা, সাংগঠনিক সম্পাদক ৰবীন ৰাভা, গান্ধীবাৰী আঞ্চলিক সমিতিৰ বুবুল ডেকা আৰু হৰকান্ত দাসৰ লগতে কেইবাজনো নেতৃবৃন্দই অংশগ্ৰহণ কৰে।