বাক্সা, সংবাদ ৩৬৫, ২১ জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীত বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত হস্তিনাপুৰৰ শান্তি আশ্ৰমত যোগ দিৱস পালন কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰমৰ্মে প্ৰতি বছৰে ২১ জুনৰ দিনটো সমগ্র বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়। বাক্সা জিলা নেহৰু যুৱ কেন্দ্ৰৰ সদস্য নিজৰা কলিতাৰ পৰিচালনাত পুৱা ৭ বজাত গুৱাবাৰীৰ হস্তিনাপুৰৰ শান্তি আশ্ৰমত থকা শংকৰদেৱ বিদ্যা নিকেটনৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰে জিলাৰ সদৰৰ যোগা প্ৰমুখ মনজিৎ চৰকাৰে প্ৰণায়ামৰে শুভাৰম্ভ কৰে যোগ শিবিৰৰ। যোগ দিৱস উদযাপনস্থলীত উপস্থিত থাকে আশ্ৰমখনৰ স্বামী সম্পূন্নানন্দ দেৱ, পশ্চিম ডেফেলীৰ প্ৰাক্তন অধ্যক্ষা নিলিমা কলিতা, পশ্চিম গয়বাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতা আৰু যোগা বিষয় শিক্ষক সাগৰ চাহাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে।