গুৱাহাটী, সংবাদ ৩৬৫, ১০ মে’ : অতুল বৰা আৰু কেশৱ মহন্তই ক্ষমতাৰ ৰাগীত বলিয়া হৈ মন্ত্ৰীত্বৰ মোহত দুয়োজনে মিলি দল-ধ্বংস কাৰ্য্য-কলাপত লিপ্ত হৈ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দলৰ পৰা বহিস্কাৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি অগপৰ প্ৰাক্তন কেন্দ্ৰীয় উপদেষ্টা হেমেন বৰাই এইদৰে মন্তব্য কৰে ।

এই দুয়োজন দুটা লোভনীয় বিভাগীয় মন্ত্ৰী আৰু দুয়োজনেই দুৰ্নীতিত নিমজ্জিত। অতুল বৰা নিজেই কৃষিৰ বীজ কেলেংকাৰী আৰু ট্ৰেক্টৰ কেলেংকাৰীত প্রত্যক্ষভাৱে জড়িত। তেওঁ বিভাগীয় নীতি-নিয়ম উলংঘা কৰি বীজ যোগান দিয়াৰ বাবে নিজৰ পছন্দৰ প্ৰতিষ্ঠানক দিয়াৰ উপৰিও উন্নত মানদণ্ডৰ ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ উচিত মূল্যত ক্ৰয় কৰাৰ পৰিবৰ্তে নিম্ন মানদণ্ডৰ ট্ৰেক্টৰ অধিক মূল্যত ক্ৰয় কৰাৰ তথ্য প্ৰমাণ তেওঁলোকৰ ওচৰত মজুত আছে বুলি কৈ হেমেন বৰাই লগতে কয় যে মিত্ৰতা ভংগ হলে উৰহী গছৰ ওৰ ওলোৱাৰ ভয়ত বাধ্য হৈছে আৰু বিজেপিয়ে ব্লেকমেইলিং কৰি দল ধ্বংস কৰিবলৈ বাধ্য কৰাইছে । সেয়েহে বিজেপিৰ বিভিন্ন নেতা-পালি নেতাৰ গালি-গালাজ , ইতিকিং সূচক মন্তব্য আৰু বক্তব্যৰ পাছতো মিত্ৰতা অক্ষুণ্ণ ৰাখি আহিছে ।

সংবাদমেলত বৰাই এইবুলিও কয় যে বিধায়ক প্ৰশান্ত ফুকনে অগপ দলক গতিয়াই উলিয়াই নিদিলে অগপ নিজে বাহিৰ হৈ নাযায় বুলি চৰম অপমান সূচক বক্তব্যৰ পাছতো দুয়োজনৰ লগত ফণীভূষণ চৌধুৰীয়ে চকী কেইখন খামুচি ধৰি আছিল আৰু পাছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত কান্দি কান্দি দলৰ কৰ্মীৰ হেঁচাত মিত্ৰতা ভংগৰ ভাওনা কৰিছিল।

হাত সাৱটি বহি নথকাৰ হুংকাৰ দি হেমেন বৰাই কয় “প্ৰয়োজনত কঠোৰতম ব্যৱস্থা লোৱাৰ লগতে যোৰহাটৰ জিলা কাৰ্যালয়ত তলা ওলমাৰ দৰে আমবাৰীতো চিৰদিনৰ বাবে তলা ওলমিব। ”

উল্লেখ্য যে ৭ মাৰ্চ ২০১৯ৰ বৃহস্পতিবাৰে অগপৰ কাৰ্য্যালয়ত পুৱাই পুৱাই সৃষ্টি হ’ল এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। অগপৰ মহিলা মৰ্চাৰ কাৰ্য্যসূচী চলি থাকোতেই এজন ব্যক্তিয়ে অগপৰ কাৰ্য্যালয়ত উপস্থিত হৈ কাৰ্য্যালয়ৰ মূল গেটত এটা তলা ওলমাইছিল । বিজেপিৰে সৈতে অগপৰ গোপন বুজাবুজিৰ অভিযোগত এনেদৰে যোৰহাটৰ পৰা গৈ প্ৰতিবাদ কৰিছিল তৃণমূল কৰ্মীজনে। তৃণমূল কর্মীজনে তলা ওলোমোৱাৰ দৰে চিৰদিনৰ বাবে ওলমিব পাৰে নেকি আমবাৰীস্থিত অগপৰ কাৰ্য্যালয়ত তলা ?