গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাইঃ গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনত সোমবাৰে নিশা ৰে’ল আৰক্ষীয়ে গাঞ্জাসহ পাঁচগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। সোমবাৰে নিশা ৰে’ল আৰক্ষীয়ে ১৫৯০৩ নং নামনিমুৱা ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছত নিয়মীয়া তালাচী চলাই চি/এছ-৫ আৰু চি/এছ-৬ নং ডবাৰ পৰা পৰা চোৰাংভৱে গাঞ্জা কঢ়িয়াই অহা পাঁচগৰাকী মহিলাক আটক কৰে। ৰে’ল আৰক্ষীয়ে পাঁচগৰাকী মহিলাৰ কবলৰ পৰা উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হ’ব বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰে’ল আৰক্ষীয়ে গাঞ্জাসহ আটক কৰা মহিলাকেইগৰাকী পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাৰ মহিৰা বেৱা, মাফৰুজা বেৱা, সাগৰ বানু বেৱা, আজমা খাতুন আৰু মুমতাজ বিবি বুলি জানিব পৰা গৈছে। মহিলা কেইগৰাকীয়ে গাঞ্জাখিনি ডিমাপুৰৰ পৰা আনিছিল আৰু গুৱাহাটী হৈ পশ্চিমবংগলৈ সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলাওঁতে গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে। ৰে’ল আৰক্ষীয়ে ২০৩/১৮ নম্বৰত এন ডি পি এছ আইনৰ ইউ/এছ ২০ (বি) ধাৰাত এক গোচৰ ৰুজু কৰি ইতিমধ্যে মহিলাকেইগৰাকীক জেললৈ প্ৰেৰণ কৰিছে।