গোৱালপাৰা

১১ অক্টোবৰ

গোৱালপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়া সভা। শতাধিক সদস্যৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ অসম সংখ্যালঘূ মৰ্চাৰ সম্পাদক সহিদুল ইছলামৰ গুৰুত্বপূৰ্ণ মন্তব্য, ২০২১ৰ বিধান সভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ তিনিটা সমষ্টি দখল কৰিব বিজেপিয়ে।

দেওবাৰে গোৱালপাৰা চহৰৰ পৌৰসভা কাৰ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়াৰ সভা। বিজেপিৰ গোৱালপাৰা জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত বিষয়ববীয়া সভাত বিজেপি দলৰ বহু কেইগৰাকী নেতাই অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। সভাত অসম জেষ্ঠ নাগৰিক কল্যাণ সমিতিৰ উপাধ্যক্ষ গৌৰাঙ্গ প্ৰসাদ দাসে ভাষণ প্ৰসংগত কয় যে বিজেপি চৰকাৰে অসমৰ সংখ্যালঘু ৰাইজৰ বাবে বহু উন্নয়নমূলক কাম কৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো লোককে ঘৰ আৰু বিজুলী সংযোগ প্ৰদান কৰিছে। কংগ্ৰেছ চৰকাৰৰ শাসন কালত সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকল নিৰ্যাতন হৈছিল যদিও বিজেপি চৰকাৰৰ দিনত সংখ্যালঘূ লোক সকল অধিক নিৰাপদ হৈছে। একেদৰে বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক তথা গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী সহিদুল ইছলামে ভাষণ প্ৰসংগত কয় যে কংগ্ৰেছ দলেই হৈছে সৰ্বকালৰ সাম্প্ৰদায়িক দল। কংগ্ৰেছ চৰকাৰৰ দিনতেই বহু কেইটা গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছে যদিও কংগ্ৰেছ চৰকাৰে সংখ্যালঘু ৰাইজক কোনো ধৰণৰ ন্যায় দিব পৰা নাই। ভাষণ প্ৰসংগত ইছলামে কয় যে গোৱালপাৰা জিলাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বত বহু যুৱক-যুৱতীয়ে গোৱালপাৰা জিলাত ৰাইজক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ২০২১ৰ বিধানসভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ মুঠ ৪ টা সমষ্টিৰ ভিতৰত ৩ টা সমষ্টি বিজেপি দলে বিপুল ভোটত জয়লাভ কৰিব বুলিও মন্তব্য প্ৰদান কৰে গোৱালপাৰা জিলাৰ প্ৰভাৰী সহিদুল ইছলামে।

গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উক্ত বিষয়ববীয়া সভাত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ সম্পাদক ৰহিম জিব্ৰান আৰু ওছমান গণিৰ লগতে গোৱালপাৰা জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা সুচিত্ৰা নাথ আৰু সম্পাদক বিপুল ৰাভাৰ লগতে বহু কেইগৰাকী বিজেপি নেতাই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে।