নৱজোতি বৰুৱা

চামগুৰি

১২ অক্টোবৰ

আমনিত দেওবাৰে নিশা দুজন দুধৰ্ষ গাড়ী অপহৰণকাৰীয়ে জলাকলা খুৱালে আৰক্ষীক। এঘণ্টাৰ ধৰি আৰক্ষীয়ে অভিযান চলাই অৱশেষত মেটেকাৰ তলৰ পৰা ওলাই আনি আটক কৰিলে দুধৰ্ষ গাড়ী অপহৰণকাৰী দুজন।

নগাঁও জিলাৰ চামগুৰিৰ আমনিত দেওবাৰে নিশা কলিয়াবৰ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। এই বৃহৎ সাফল্যৰ বাবে কিন্তু এঘণ্টা সময় ধৰি জলাকলা খাব লগাত পৰে কলিয়াবৰ আৰক্ষীয়ে। আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দুজন দুধৰ্ষ গাড়ী অপহৰণকাৰীক আটক কৰিবলৈ যাওঁতে গাড়ী অপহৰণকাৰী দুজন আমনিৰ এটা পুখুৰীত জঁপিয়াই মেটেকাৰ তলত লুকাই যোৱাত আৰক্ষীৰ মাজত হাহাকাৰ লাগে। আৰক্ষীয়ে গাড়ী অপহৰণকাৰী দুজনক মেটেকাৰ তলৰ পৰা উলিয়াই আনিবলৈ অশেষ চেষ্টা চলাই যদিও সফল হ’ব নোৱাৰে। অৱশেষত আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহায়ত প্ৰায় এঘণ্টা মূৰত গাড়ী অপহৰণকাৰী দুজনক পুখুৰীৰ মেটেকাৰ তলৰ পৰা ওলাই আনি আটক কৰিবলৈ সক্ষম হয়। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহযোগত যৌথ ভাৱে অভিযান চলাই মেটেকাৰ তলত পৰা উলিওৱা আনি আটক কৰা দুধৰ্ষ গাড়ী অপহৰণকাৰী দুজন ক্ৰমে জীয়াবুৰ ৰহমান আৰু আহমত আলী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে মেটেকাৰ তলৰ পৰা জীৱন্তে উলিয়াই আনি কৰায়ত্ব কৰা দুধৰ্ষ গাড়ী অপহৰণকাৰী দুজন কেইবাখনো গাড়ীৰ অপহৰণকাণ্ডৰ সৈতে জড়িত থকা বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত এই দুধৰ্ষ গাড়ী অপহৰণকাৰী দুজন ৰাজপথৰ পৰাই বিভিন্ন সমগ্রী ভৰ্তি ট্ৰাকলৈ উধাও হোৱা চক্ৰৰ অন্যতম মূল অভিযুক্ত। আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে গাড়ী অপহৰণকাৰী দুজনক জেৰা চলাই আছে।