সাজিদুৰ ৰহমান

গৌৰীপুৰ

৭ মে’

গৌৰীপুৰৰ ঈদৰ বজাৰত ধোঁৱাচাঙত কভিড প্ৰ’টকল। চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা ভংগ কৰি হাজাৰ হাজাৰ লোকৰ ভিৰ গৌৰীপুৰৰ বজাৰত। অধিকাংশ লোকে মাস্ক পৰিধান কৰিছে যদিও সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত হোৱা নাই বজাৰখনত ভিৰ কৰা ৰাইজে। খবৰ নাই ধুবুৰী আৰক্ষী আৰু জিলা প্ৰশাসনৰ।

দেশত কভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰি চলাই গৈছে তাণ্ডৱলীলা। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক কভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যু মুখত পৰি আছে হাজাৰ হাজাৰ কভিড ৰোগী। কভিডৰ দ্বিতীয়টো ঢৌৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণৰ হাৰ ৰোধ কৰাৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাটাও নীতি-নিৰ্দেশনা বান্ধি দিছে যদিও নিয়ন্ত্ৰণ হোৱা নাই সংক্ৰমণৰ হাৰ।

কভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াবহ পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকৰ সকলৰ পবিত্ৰ ৰমজান মাহ। কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইছলাম ধৰ্মাৱলম্বী লোক সকলে এইবাৰ মছজিদৰ পৰিবৰ্তে নিজ নিজ ঘৰতে ৰমজানৰ ইফটাৰ, তাৰবীৰ নামাজৰ লগতে সকলো নামাজ পঢ়ি ৰমজান মাহ পালন কৰিছে।

ইতিমধ্যে ৰমজান মাহ শেষ হোৱাৰ পথত আৰু কেইদিনমান পিছতে পালন কৰা হ’ব ঈদ। দেশৰ শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ ধৰ্মগুৰু সকলে এইবাৰ ঈদ চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজত থাকি পালন কৰিবলৈ আহ্বান জনাইছে। কভিড প্ৰ’টকল যাতে কোনো কাৰণতে ভংগ নহয় ইয়াৰ প্ৰতি সকলোকে সজাগ হৈ থকাৰ বাবেও আহ্বান জনোৱা হৈছে।

ইয়াৰ সমান্তৰালে চৰকাৰেও কভিড প্ৰ’টকল ভংগ কৰা লোকৰ বিৰোধী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণাও কৰিছে। কভিড প্র’টকল কেৱল মাত্ৰ এক নিৰ্দেশনাৰ মাজতে আৱদ্ধ হৈ থকা পৰিলক্ষিত হয় ধুবুৰী জিলাৰ গৌৰীপুৰ বজাৰত। শুকুৰবাৰে ঈদৰ বজাৰ কৰিবলৈ গৌৰীপুৰৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হয় হাজাৰ হাজাৰ লোকৰ।

কভিড প্ৰ’টকল ধোঁৱাচাঙত তুলি গৌৰীপুৰৰ বজাৰত ঈদৰ বজাৰ কৰা পৰিলক্ষিত হয় এই হাজাৰ হাজাৰ লোকে। বজাৰ কৰিবলৈ অহা অধিকাংশ লোকৰ মুখত মাস্ক আছিল যদিও কিছুমান লোকৰ মাস্ক আছিল কেৱল মাত্ৰ নামৰ বাবে। নাক-মুখ উদং কৰি বজাৰখনত একাংশ লোকে ঘূৰি-ফুৰিছিল। যদি সামাজিক দূৰত্বৰ কথা কোৱা হয় তেন্তে বজাৰখনৰ পৰিৱেশ দেখিলে এনে অনুভৱ হৈছিল যেন কভিডৰ কোনো অৱস্থিতিয়ে নাই পৃথিৱীত।

এতিয়া প্ৰশ্ন উঠে কভিড সম্পৰ্কে ৰাইজক সজাগ কৰি তুলিবলৈ কিমান সক্ষম হৈছে ধুবুৰী জিলা প্ৰশাসন তথা আৰক্ষী। বজাৰখনৰ কাষতে থকা গৌৰীপুৰ আৰক্ষীৰ চকু নপৰে নেকি গৌৰীপুৰ বজাৰৰ এই ভিৰৰ দৃশ্য। উল্লেখ্য যে ধুবুৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কভিড আক্ৰান্ত লোকৰ সংখ্যা। জিলাখনত বৰ্তমানলৈকে ৭ জনকৈ কভিড ৰোগীৰ মৃত্যু হৈছে।