জোনমণি বেগম

বিশ্বনাথ

৬ মে’

দেশত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰি প্ৰতিদিনে লক্ষাধিক লোকক আক্রান্ত কৰি আছে। আক্রান্তৰ সমান্তৰালে প্ৰতিদিনে মৃত্যুৰ মুখত পৰি আছে কেইবাহাজাৰ কভিড ৰোগী। দিল্লীৰ লগতে মহাৰাষ্ট্ৰ আৰু উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ লগতে অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে কভিড আক্রান্ত সংখ্যা। দেশৰ কেইবাখনো ৰাজ্যই কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউনৰ সিদ্ধান্তও গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত অসমৰ পৰিস্থিতি বৰ্তমানলৈকে নিয়ন্ত্ৰণত আছে যদিও প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। মহানগৰী গুৱাহাটীৰ বহু অঞ্চল ইতিমধ্যে জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। কামৰূপ মহানগৰ জিলাৰ লগতে বিশ্বনাথ জিলাতো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে মাহামাৰি কভিড আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ বিশ্বনাথ জিলাখনত তিনিশৰো অধিক লোক কভিডত আক্ৰান্ত হৈছে। জিলাখনত প্ৰতিদিনে ধাৰাবাহিকভাৱে আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাত বিশ্বনাথ জিলা আৰক্ষী, প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ অধিক তৎপৰ হৈ পৰিছে কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথত জিলাখনটো ৰাজ্য চৰকাৰৰ এছ অ পিৰ নতুন নিয়ম নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে এই নিয়ম পালন নকৰা সকলৰ বিৰুদ্ধ কঠোৰ হৈ পৰা দেখা গৈছে বিশ্বনাথ জিলা আৰক্ষী-প্ৰশাসন। ইয়াৰ পিছতো কিন্তু দিনক দিনে বিশ্বনাথত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড মহামাৰীয়ে।

জিলাখনত ৩০০ ৰো অধিক লোক ইতিমধ্যে কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষত থকা নিলপুৰ চাহ বাগিচাত ৪২ গৰাকী লোক আক্রান্ত হৈছে কভিডত। নিলপুৰ চাহ বাগিচাত ৪২ গৰাকী লোক কভিডত আক্রান্ত হোৱাত বিশ্বনাথ জিলা প্ৰশাসনে বৃহস্পতিবাৰে এই চাহ বাগিচাখন সম্পূৰ্ণ ছীল কৰাৰ লগতে কন্টেনমেন্ট জ’ন হিচাপে ঘোষনা কৰিছে।