দৰঙ, সংবাদ ৩৬৫, ২৫ জুলাই: কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ। খবৰ লবলৈ লবলৈ আহৰি নাই ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱা অঞ্চলবাসী ৰাইজৰ। একমাত্ৰ নেদেখা জনৰ ওচৰতে কাকূতি-মিনতি কুৰুৱাবাসী ৰাইজৰ। মঙ্গলদৈ জলসম্পদ বিভাগৰ অধীনত থকা কুৰুৱা অঞ্চলটোত ভগবানেই একমাত্ৰ ভৰসা নৈ পৰীয়া ৰাইজৰ । বছৰৰ পিছত বছৰ ধৰি খহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা ছিপাঝাৰৰ কুৰুৱা গাওঁৰ ৰাইজে আয়োজন কৰিলে পূজা অৰ্চনা । উল্লেখ্য যে বিগত বৰ্ষত আয়োজন কৰা নমামী উৎসৱৰ স্থলী ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে জনবসতি পূর্ণ এলেকা স্পৰ্শ কৰাৰ উপক্ৰম হৈছে ব্ৰহ্মপুত্ৰ ৰ গৰা খহনীয়াই কিন্তু ইমানৰ পিছতো এনে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে । উপায়ন্তৰ হৈ ব্ৰহ্মপুত্ৰৰ পাৰত পূজা অৰ্চনা আগবঢ়াই খহনীয়া প্ৰতিৰোধ হোৱাৰ আশা কৰিছে বৃহত্তৰ কুৰুৱা বাসী গাওঁৰ ৰাইজে ।