কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৫ জুলাই: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মইনবড়ী আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰা চোৰ এজনক মেডিকেল চেক আপ কৰাবলৈ আহি আৰক্ষীৰ হেণ্ড কাপৰ পৰা চিকিৎসালয়ৰ সন্মুখৰ পৰাই প্ৰসাৱ কৰাৰ অজুহাতত কৰে পলায়ন। জানিব পৰা মতে, এক গোচৰৰ ভিত্তিত মইনবড়ী আৰক্ষীয়ে পুৰণা চিকাতাৰীৰ দুলু মিয়াৰ পুত্ৰ তাইজ উদ্দীনক গৰু চুৰিৰ অভিযোগত যোৱাকালি গ্ৰেপ্তাৰ কৰে। যোৱানিশা মইনবড়ী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই চোৰজনক মেডিকেল কৰি কলগাছিয়া আৰক্ষী থানাত জমা দিবলৈ এজন আৰক্ষী কনিষ্টবল আৰু এজন গৃহৰক্ষীৰ জোৱানৰ হাতত দি কলগাছিয়ালৈ পঠিয়াই দিয়ে। পিছত চোৰজনক প্ৰথমে মেডিকেল কৰাৰ উদ্দেশ্য কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উপস্থিত হয়। চিকিৎসালয়ত প্ৰৱেশ কৰাৰ পূৰ্বেই চোৰজনে প্ৰসাৱ কৰাৰ অজুহাতত হেণ্ডকাপ খুলি দলিয়াই দি চিকিৎসালয় চৌহদৰ মাজেৰে দৌৰি দৌৰি আন্ধাৰৰ মাজত বিলীন হয় যদিও আৰক্ষী কনিষ্টবল আৰু গৃহৰক্ষীৰ জোৱানজনে পিছে পিছে দৌৰিও চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম নহয়। পিছত কলগাছিয়া আৰক্ষীয়ে চোৰজনক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান চলাই যদিও চোৰজনক কৰায়ত্ব কৰা দূৰৰ কথা শুংসূত্ৰই উলিয়াব পৰা নাই।