বঙাইগাঁওসংবাদ ৩৬৫, ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ চাৰি ছাত্ৰ ছাত্ৰীক এঘৰত মাতি নি ৩০ জানুৱাৰীত আচমা খাতুন নামৰ মহিলাই নিজ দহ বছৰীয়া সন্তান ছামিম আহমেদ সহ সতিনীৰ সন্তান তেৰ বছৰীয়া জেনিফা আহমেদ, সাত বছৰীয়া আনিছুৰ ৰহমান আৰু দহ বছৰীয়া আজিম উদ্দিনক  খাদ্যৰ লগত বিহ খাবলৈ দিয়াৰ ফলত ছাত্ৰ ছাত্ৰী কেইজনে বিদ্যালয়ত আহি বমি কৰিব ধৰাত বৰভিটা চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয়। দুদিন চিকিৎসাৰ অন্তত বৰ্তমান ছাত্ৰ ছাত্ৰী কেইজন কিছু সুস্থ হৈ ঘৰলৈ অহাৰ পিছত প্ৰকৃত ঘটনা পোহৰলৈ আহে। এই সংক্ৰান্তত ছাত্ৰ ছাত্ৰীৰ কেইগৰাকী পিতৃ আব্দুল লতিফে আচমা খাতুনসহ আব্বাছ আলী, গজিবৰ ৰহমান, আছাদুল ইছলাম আৰু মজিবৰ ৰহমান নামৰ লোকসকলৰ বিৰুদ্ধে মেৰেৰচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে ১০ বছৰ পূৰ্বে আব্দুল লতিফ আৰু আচমা খাতুনৰ সামাজিক ৰীতি মতে বিয়া হৈছিল যদিও বিয়াৰ পিছৰ পৰাই আচমা খাতুনে লতিফ সহ পৰিয়ালক মানসিক হাৰাশাস্তি আৰম্ভ কৰাত প্ৰায় ৫ মাহ পূৰ্বে আব্দুল লতিফ আৰু আচমা খাতুনৰ বিবাহ বিচ্ছেদৰ হয়। প্ৰত্যক্ষ দৰ্শীয়ে জানিবলৈ দিয়া মতে আচমা খাতুনে মুখত কাপোৰ বান্ধি আহি এই কাণ্ড সংগঠিত কৰিছিল। এই সংক্ৰান্তত অপৰাধীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে  একাংশলোকে। উদ্বৰ্তম আৰক্ষীক বিহীত ব্যৱস্থা লবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে।