গুৱাহাটী, সংবাদ ৩৬৫, ৩ ফেব্ৰুৱাৰীঃ ‘দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অন্যান্য দেশৰ ঔদ্যোগীসকলৰ উপস্থিতিত আয়ােজন কৰা ‘এডভান্টেজ আসাম’ শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলন অনুষ্ঠিত কৰাৰ জৰিয়তে এইটোৱে প্রতীয়মান হৈছে যে অসমে দ্রুত বিকাশৰ পথলৈ ধাৱমান হৈছে। ‘এক্ট ইষ্ট পলিচি’ ৰূপায়নৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসম কেন্দ্র বিন্দু হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। সেয়েহে ৰাজ্য চৰকাৰে ‘এডভান্টেজ আসাম’ শিৰােনামেৰে আয়ােজন কৰা ‘বিশ্ব বিনিয়ােগ সন্মিলন’এ এই দিশটো আৰু অধিক আগুৱাই লৈ যাব। ‘এডভান্টেজ আসাম – ইণ্ডিয়াছ এক্সপ্ৰেছ ৱে টু আছিয়ান’ কেৱল মাত্ৰ এটা টেগ লাইনে নহয়, ইয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযােগ্য ভূমিকা ল’ব।’ আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আয়ােজিত ‘এডভান্টেজ আসাম’শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলনখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােডীয়ে এইদৰে কয়।

প্রধানমন্ত্ৰীয়ে বহু বছৰৰ বিৰতিত অসমত এক গতিশীল বাণিজ্যিক বাতাবৰণ গঢ়ি তােলাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লােৱাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক ভূয়শী প্রশংসা কৰে। প্রধানমন্ত্ৰীয়ে মুখ্যমন্ত্রী সােণােৱালৰ নেতৃত্বত গঠিত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লােৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব বিনিয়ােগ সন্মিলনখন ৰাজ্যখনক দক্ষিণ-পূব এছিয়াৰ বিজনেছ হাবলৈ ৰূপান্তৰিত কৰাৰ দিশত এক প্রথম পদক্ষেপ বুলি কোৱাৰ লগতে ইয়ে আছিয়ান দেশসমূহৰ সৈতে থকা হাজাৰ বছৰ পুৰণি সম্পৰ্কক নতুন দিশলৈ আগুৱাই নিয়াৰ দিশত নতুন মাত্ৰা প্ৰদান কৰিব বুলিও প্রধানমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় চৰকাৰেও ‘ট্রেন্সফ’ৰমেশ্যন প্ৰ’ ট্রেন্সপৰটেশ্যন’ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দ্রুততৰ পদক্ষেপ লৈছে বুলিও প্রধানমন্ত্রী গৰাকীয়ে কয়। এখন নৱ ভাৰত নিৰ্মাণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশ অপৰিহাৰ্য বুলিও প্রধানমন্ত্ৰীয়ে দোহাৰে। ভাষণ প্ৰসংগত প্রধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিগত উত্তৰণৰ দিশত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি থকা বিভিন্ন পদক্ষেপৰ বিষয়েও সবিস্তাৰে বাখ্যা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যােগাযােগ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰতিবছৰে ৫,৩০০ কোটি টকা ব্যয় কৰা হৈছে বুলিও প্রধানমন্ত্ৰীয়ে কয়। তদুপৰি, উত্তৰপূর্বাঞ্চলত ৪,০০০ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে লক্ষ্য লােৱা হৈছে বুলিও তেওঁ কয়। অসমত এইমছ স্থাপনৰ বিষয়টো উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয় যে নেশ্যনেল গেছ গ্ৰীডৰ সৈতে অসম তথা উত্তৰপূর্বাঞ্চলক সংযােগৰ বাবে লক্ষ্য লােৱা হৈছে বুলিও কয়। প্রধানমন্ত্ৰীয়ে ইম্ফলৰ পৰা গুৱাহাটীলৈ তথা কলকতাৰ পৰা পাটনালৈ এই সমগ্ৰ অঞ্চলক ভাৰতৰ শক্তি খণ্ডৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সক্ৰিয় পদক্ষেপ গ্রহণ কৰিছে বুলিও কয়।।

অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী সুৰেশ প্ৰভূৱে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মােডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা কালতে গুজৰাটত বিনিয়ােগৰ বাতাবৰণ সৃষ্টিৰ বাবে বিশ্ব বিনিয়ােগ সন্মিলনৰ আয়ােজন কৰিছিল বুলি উল্লেখ কৰি এই গৰাকী নেতাই প্রধানমন্ত্ৰী হিচাপে অসমৰ বিকাশৰ দিশত আৰম্ভ হােৱা বিশ্ব বিনিয়ােগ সন্মিলন উদ্বোধনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ উন্নয়নৰ প্রতি থকা তেওঁৰ দায়ৱদ্ধতাকে সূচাইছে বুলি কয়। দেশৰ ঔদ্যোগিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঔদ্যোগিক অনুকূল উদ্যোগ নীতি প্রস্তুত কৰি আছে বুলি উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও এক সুকীয়া উদ্যোগ নীতি প্রস্তুত কৰি থকা হৈছে বুলি কয়।

অনুষ্ঠানত ভাষণ দি চেঞ্চুৰী প্লাইউডৰ মহাপ্রৱন্ধক চাজ্জান ভজনকাই কয় যে তেওঁৰ কোম্পানীয়ে আগন্তুক দিনত ৰাজ্যখনত ৬,৪০০ কোটি টকা বিনিয়ােগ কৰিব। স্পাইচজেটৰ মুখ্য পৰিচালন সঞ্চালক অজয় সিঙে কয় যে তেওঁলােকে অতি শীঘ্ৰে লখিমপুৰ আৰু যােৰহাটলৈ বিমান সেৱা আৰম্ভ কৰিব। আনহাতে থাইলেণ্ড, ম্যানমাৰকে ধৰি আছিয়ান দেশসমূহৰ লগতাে বিমান সেৱা আৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ কয়। অনুষ্ঠানত ভাষণ প্রদান কৰি পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া আচার্য বালাকৃষ্ণণে খাদ্য সংসাধনৰ ক্ষেত্ৰত ৰাজ্যখনত ইতিমধ্যে বিনিয়ােগ কৰাৰ কথা উল্লেখ কৰি আগন্তুক দিনটো পতঞ্জলিয়ে ৰাজ্যখনত আৰু অধিক বিনিয়ােগ কৰিব বুলি কয়। ৰিলায়েন্স ইণ্ডাষ্ট্রিজ লিমিটেজৰ মুখ্য পৰিচালন সঞ্চালক। মুকেশ আম্বানীয়ে খুচুৰা বিক্ৰীখণ্ডত চক্র পর্যায়ত ১৫৫ সংখ্যক জিঅ’ৰ কাৰ্যালয় স্থাপন, জীৱিকা অভিযান, জৈৱ বৈচিত্ৰতা সংৰক্ষণ কেন্দ্ৰ, ১৬৫ টা পেট্রল পাম্প আৰু বিশ্বমানৰ এখন ফুটবল একাডেমী স্থাপনৰ কাম হাতত লােৱাৰ উপৰি এই পাঁচটা প্রকল্প ৰূপায়নৰ বাবে অহা তিনি বছৰত ২৫০০ কোটি টকা ব্যয় কৰা হ’ব বুলি কয়।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্রমােহন পাটোৱাৰীয়ে আদৰণি ভাষণ প্রদান কৰা এডভান্টেজ আসামৰ আজিৰ এই উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য, শিক্ষা ইত্যাদি দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত ভাৰতস্থ জাপানৰ ৰাষ্ট্ৰদূত কেনজি হিমাটছু, মেকলিঅ’ ৰাচেল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক আদিত্য খৈতান, চান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্রিজ লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক দিলীপ সিংভি, ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বার্চ কর্মাচ এণ্ড ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ ৰাচেশ চাহ, টাটা চন পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণেও বক্তব্য প্রদান কৰে। অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী, কেন্দ্রীয় ড’নাৰ মন্ত্ৰী ড° জিতেন্দ্র সিং, কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গােহাঁই, মণিপুৰ আৰু অৰুণাচলৰ মুখ্যমন্ত্রী, কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্ৰী কিণে ৰিজিজুৰ লগতে বিভিন্ন দেশৰ ব্যৱসায়িক তথা ঔদ্যোগিক প্ৰতিনিধি উপস্থিত আছিল।