ছাহিদুল আলম
ডবকা
২৬ অক্টোবৰ

চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বৃহৎ ঘোষণা। চাহ বাগানৰ শিক্ষাৰ্থীসকলক চিকিৎসক-ইঞ্জিনিয়াৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য আজমল ফাউণ্ডেচনৰ৷ চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে আজমল চুপাৰ ৪০ ত আসন সংৰক্ষিত ৰখা হ’ব৷

অ বি চি, এছ চি আৰু এছ টি শিক্ষাৰ্থীসকলৰ বাবে আজমল চুপাৰ ৪০ ত আসন সংৰক্ষিত ৰখাৰ লগতে আজমল চুপাৰ ৪০ ত অধ্যয়নৰ বাবে ৫০ শতাংশ ৰেহাইৰ কথা ঘোষণা কৰিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷

অসমত আজমল চুপাৰ ৪০ ৰ নতুনকৈ আৰু দুটা কাৰ্যালয় মুকলি কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও জানিবলৈ দিয়ে ধুবুৰীৰ সাংসদ গৰাকীয়ে৷ ইয়াৰে এটা উজনি অসমত আৰু আনটো নামনি অসমত স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে। পিছপৰা শিক্ষাৰ্থীসকল আৰ্থিক অভাৱত যাতে চিকিৎসক-ইঞ্জিনিয়াৰ হোৱাৰ সপোন পূৰণ কৰাৰ পৰা বঞ্চিত হৈ নপৰে, তাৰ বাবে আজমল ফাউণ্ডেচনৰ যোগেদি এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷

হোজাইস্থিত আজমল হাউচত এখন সম্বৰ্ধনা সভাত এন ই ই টি আৰু জে ই ই ২০২০ ত সফলতা লাভ কৰা কৃতি শিক্ষাৰ্থীসকলৰ লগতে আজমল চুপাৰ ৪০ ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিষয়বৱীয়া সকলক বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷ আজমল চুপাৰ ৪০ ৰ কৃতি শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে আজমল ভাতৃদ্বয়ে৷