মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৬ অক্টোবৰ

অসমত বসবাস কৰা উৰাও সম্প্ৰদায়ৰ লোকসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পন্ন কৰাৰ দাবী জনোৱাৰ লগতে উক্ত জনজাতিকৰণ প্ৰক্ৰিয়াত একাংশ আদিবাসী সংগঠনে বিৰোধিতা কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ কুড়ুখ ছাত্ৰ সন্থাই।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও প্ৰেছ ক্লাৱত সোমবাৰে কুডুখ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ডেভিড ভাৰা আৰু সাধাৰণ সম্পাদক নৰবাৰ্ট মিঞ্জে আয়োজন কৰা এক সংবাদমেলত উৰাও সকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰা সংগঠনৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰে। সমগ্ৰ ভাৰতবৰ্ষত আদিম যুগৰ পৰা এই জনগোষ্ঠীটোৱে জনজাতিকৰণৰ সুবিধা ভোগ কৰি আছে যদিও অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীকে ধৰি উৰাও সকলে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰা নাই। চৰকাৰে সম্প্ৰতি আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিবলৈ যো-জা চলাই থকা সময়ত আদিবাসী জনগোষ্ঠীৰ একাংশ সংগঠনে উৰাও সকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি থকাটো দুৰ্ভাগ্যজনক বুলি কয় আৰু এনে বিৰোধিতা কৰা সকলক জনজাতিকৰণৰ বিৰোধিতা নকৰিব’লৈ সকীয়াই দিয়ে কুড়ুখ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে।

উল্লেখ্য যে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ কেইবাটাও জনগোষ্টীৰ সংগঠনে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে। জনগোষ্টীয় সংগঠন সমূহে বৰ্তমানৰ চৰকাৰখনে তেওঁলোকক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে চৰকাৰখনক ২০২১ ৰ বিধানসভা নিৰ্বাচনত উচিত শিক্ষা প্ৰদান কৰাৰো হুংকাৰ দিছে।