চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, সংবাদ ৩৬৫, ৩০ জুলাই : নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰয়াত সভাপতি জৌহলাও সৌম্বলা বসুমতাৰীৰ 22 সংখ্যক মৃত্যু দিবস উপলক্ষ্যে বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত সোমবাৰে এবছুৰ “সন্ত্ৰাসবাদ বিৰোধী” দিবস পালন কৰা হয় ।১৯৯৬ চনৰ আজিৰ তাৰিখত আবছুৰ প্ৰয়াত সভাপতি জৌহলাও সৌম্বলা বসুমতাৰী উগ্ৰপন্থীৰ হাতত নিহত হৈছিল । গয়বাৰী স্থিত জৌহলাও সৌম্বলা বসুমতাৰী পথাৰত প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ সমাধি স্থল প্ৰাঙ্গণত এবছুৰ পতাকা অৰ্দ্ধনমিত কৰি উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োই ।প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ সমাধি স্থলত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰয়াত ছাত্ৰ নেতাজনৰ অৰ্দ্ধাংগীনি ভানুমতী বসুমতাৰীয়ে । আজিৰ এই সন্ত্ৰাসবাদ বিৰোধী দিবস অনুষ্ঠানত বিটিএডিৰ জাতীয় দল সংগঠনৰ উপৰি ৰাজনৈতিক দলৰ নেতৃবৰ্গই উপস্থিত থাকি প্ৰয়াত ছাত্ৰ নেতা গৰাকীক শ্ৰদ্ধাঞ্জলী জনায় । এই সন্ত্ৰাসবাদ বিৰোধী দিবসৰ লগত সঙ্গতি ৰাখি এখন সন্ত্ৰাসবাদ মুক্ত সমাজ গঢ়াৰ লক্ষ্যেৰে স্বাক্ষৰ অভিযান চলায় আবছুৰ সভাপতি প্ৰমোদ বড়োয়ে । তাৰ পিচতে “দ্যা নিউ ফেচ অফ টেৰৰিজিম ভাৰচুচ পাথ টু পিচফুল চোছাইটি” শীৰ্ষক আলোচনা সভা অনুষ্ঠিত হয় প্ৰমিদ বড়োৰ সভাপতিত্বত । তাৰ সমান্তৰালকৈ ৰক্তদান শিবিৰো চলি থাকে । অনুষ্ঠানত অংশগ্ৰহন কৰি আবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে সন্ত্ৰাসবাদে সুস্থ সমাজ ব্যৱস্থাত বাধাৰ সৃষ্টী কৰে । দেশৰ শত্ৰু সন্ত্ৰাসবাদ আৰু দেশৰ ভিতৰৰ সন্ত্ৰাসবাদ সকলো শেষ কৰিব লাগিব । শান্তিৰ প্ৰতিক মহাত্মা গান্ধীৰ দেশ এই ভাৰতবৰ্ষ । গতিকে কেৱল মাথো আবছুয়ে এই সন্ত্ৰাস বিৰোধী দিৱস উদযাপন কৰিলে নহব । সকলো জাতী-জনগোষ্ঠীৰ লোকে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগিব । বৰ্তমান দেখিবলৈ পোৱাগৈছে গো-হত্যা লৈ সন্ত্ৰাস,সোপাধৰা তথা চৰকাৰী দুৰ্নিতিৰ সন্ত্ৰাস আদিৰ বিৰোধিতা কৰিব লাগিব আমি সকলোৱে । অনুষ্ঠানত অংশগ্ৰহন কৰি ইউপিপি(এল) দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্মই কয় যে সন্ত্ৰাসবাদৰ বিৰোধিতা আমি সকলোৱে কৰো আৰু সেয়ে দেশত শান্তি আছে । মুঠতে দেশত হৈ থকা অন্যান্য ধৰনৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে জনসাধাৰনে একত্ৰিতভাৱে মাৰ বান্ধি থিয় দিলেহে দেশখনে মুৰ দাঙী কব পাৰিব যে আমি মহাত্মা গান্ধীৰ দেশৰ মানুহ । গতিকে গান্ধীজিৰ আদৰ্শ আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব বুলিও আহব্বান জনায় নেতাজনে ।