নিউজ ডেস্ক, ১ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৰে’লৱে আন্তঃগাঁথনি (Railway Infrastructure) আৰু যাত্ৰী সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰাৰ অংশ হিচাপে ২৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ছাইৰাং ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে মুখ্য কাৰ্যালয় আৰু লামডিং মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।

পৰিদৰ্শনৰ সময়ত মহাপ্ৰবন্ধকগৰাকীয়ে ছাইৰাং ৰে’ল ষ্টেচনৰ সামগ্ৰিক কামকাজ আৰু উন্নয়নমূলক কাৰ্যকলাপৰ নিৰীক্ষণ কৰি যাত্ৰী সা-সুবিধা, পৰিচালনগত দক্ষতা, সুৰক্ষা ব্যৱস্থা আৰু ষ্টেচনৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ বিভিন্ন যাত্ৰী সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে যাত্ৰীসকলৰ স্বাচ্ছন্দ্য আৰু সুগম চলাচলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহৰো পৰিদৰ্শন কৰে। সংশ্লিষ্ট বিষয়াবৰ্গই ষ্টেচনত বৰ্তমান উপলব্ধ সুবিধাসমূহ, পৰিচালনগত বিভিন্ন দিশ আৰু নিৰ্মাণাধীন প্ৰস্তাৱিত উন্নয়নমূলক কাম-কাজৰ বিষয়ে মহাপ্ৰবন্ধকগৰাকীক অৱগত কৰায়।

চেতন কুমাৰ শ্ৰীবাস্তৱে সংশ্লিষ্ট বিষয়াবৰ্গক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যাত্ৰী সুবিধাৰ উন্নত মানদণ্ড বজাই ৰাখিবলৈ লগতে উপলব্ধ সুবিধাসমূহ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰাৰ ওপৰত নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে। মহাপ্ৰবন্ধকগৰাকীয়ে ষ্টেচনৰ পৰিচালনগত প্ৰস্তুতিৰো পৰ্যালোচনা কৰাৰ লগতে উচ্চ পৰ্যায়ৰ নিৰ্ভৰযোগ্যতা তথা সেৱাৰ মানদণ্ড বজাই ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এই পৰিদৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে মহাপ্ৰবন্ধকগৰাকীয়ে ছাইৰাঙৰ পৰা ভৈৰবীলৈ এক উইণ্ড’-ট্ৰেইলিং পৰিদৰ্শনো কৰে।

এই পৰিদৰ্শনৰ সময়ত তেওঁ ৰে’লপথ আৰু ৰে’লৱে আন্তঃগাঁথনিৰ অৱস্থা, বৈদ্যুতীকৰণ কাম কাজৰ অগ্ৰগতি, নতুনকৈ প্ৰৱৰ্তন কৰা সা-সুবিধাসমূহৰ লগতে সংশ্লিষ্ট খণ্ডটোত চলি থকা অন্যান্য উন্নয়নমূলক কাম-কাজসমূহৰো নিৰীক্ষণ কৰে। এই পৰিদৰ্শনে মিজোৰামৰ হকে সেৱা আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন হিচাপে ছাইৰাঙৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ সৈতে সংগতি ৰাখি যাত্ৰী সুবিধা আৰু ষ্টেচনৰ আন্তঃগাঁথনিৰ অধিক উন্নয়নৰ সম্ভাৱনাসমূহৰ মূল্যায়ন কৰাৰো সুযোগ প্ৰদান কৰিছে। মহাপ্ৰবন্ধকগৰাকীয়ে বিষয়াবৰ্গক যাত্ৰীসকলৰ বাবে সুৰক্ষিত, দক্ষ আৰু আৰামদায়ক যাত্ৰা অভিজ্ঞতা প্ৰদান কৰাৰ লগতে ৰে’লৱেৰ সম্পদসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ আৰু সঠিক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।

এই পৰিদৰ্শনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সমগ্ৰ অঞ্চলটোত ৰে’লৱে আন্তঃগাঁথনি শক্তিশালীকৰণ, যাত্ৰী সুবিধাৰ উন্নতকৰণ আৰু পৰিচালনগত দক্ষতা বৃদ্ধি কৰাৰ অব্যাহত প্ৰচেষ্টাৰে এক অংশ। জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ দ্বাৰা নিয়মীয়া পৰিদৰ্শনে উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ নিৰীক্ষণ, অধিক মনোযোগৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ আৰু ৰে’লৱেৰ সা-সুবিধাসমূহ নিৰ্ধাৰিত মানদণ্ড অনুসৰি ৰক্ষণাবেক্ষণ কৰাটো নিশ্চিত কৰাত সহায় কৰিব।