চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, সংবাদ ৩৬৫, ২৬ জুলাইঃ ১৯৯৯ চনত ভাৰত পাকিস্তানৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক বিজয় উপলক্ষে ভাৰতে প্ৰতিবছৰে ২৬ জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস হিচাবে উদযাপন কৰে। ভাৰতৰ সেনাই ২৬ জুলাইৰ দিনটোতে পাকিস্তানৰ ওপৰত কাৰ্গিল বিজয় কৰিছিল । চিৰাঙতো কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। চিৰাং জিলাৰ সেনা বাহিনীৰ মুখ্য কাৰ্য্যালয়ত বৃহস্পতিবাৰে ৰাতিপুৱা দহ বজাত সেনা বাহিনীৰ উচ্চস্থৰীয় বিষয়াবৰ্গ তথা প্ৰাক্তন সৈনিক সকলে শ্বহিদ বেদীত পুষ্পাঞ্জলি দি জিলা সদৰস্থিত সেনা ছাউনিত ১৯ তম কাৰ্গিল বিজয় দিৱস উদযাপন কৰে । কাৰ্গিল বিজয় দিৱস কাৰ্যসূচীত ১৫২ জন প্ৰাক্তন সেনাই অংশগ্ৰহন কৰে। এই দিৱসত সেনাৰ বীৰ জোৱান সকলৰ বীৰত্ব আৰু কিদৰে দেশৰ হকে প্ৰাণ আহুতি দিছিল তাৰ বিষদ আলোচনা কৰা হয় । দেশৰ এই বীৰ সৈনিক সকল দেশৰ গৌৰৱ ।