চিৰাঙৰ বিজনীত ছাত্ৰী সন্ধানহীন: দেওবাৰৰ পৰা সন্ধানহীন ছাত্ৰী

In ৰাজ্য

চিৰাঙ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চিৰাঙ জিলাৰ বিজনী শিশু কল্যান বিদ্যালয়ৰ দশম মানৰ ছাত্ৰী বিজনীৰ পাল পাৰৰ ৪ নং ৱাৰ্ডৰ পিতৃ নাৰায়ণ আৰ্য আৰু মাতৃ শ্যামলা আৰ্যৰ দ্বিতীয় কন্যা মৃদুলা আৰ্য(১৬) যোৱা দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছে। মৃদুলাৰ পিতৃ পেছাত এজন ৰিক্সা চালক। দেওবাৰে ৰাতিপুৱা মৃদুলাই ৮:৩০ বজাত টিউচনলৈ বুলি কান্ধত বেগ আৰু পৰিধানত নীলা জিনছ পেন্টৰ সৈতে আকাশী ৰঙৰ টপ পিন্ধি ওলাইছিল। কিন্তু সেই তেতিয়াৰ পৰাই ছাত্ৰী মৃদুলা আজি ৬ দিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে নিজৰ আত্মীয় তথা বন্ধু বান্ধৱীৰ ঘৰত খবৰ কৰিছে যদিও বৰ্তমানেও ছাত্ৰী গৰাকীৰ কোনো সম্ভেদ পোৱা নাই। এই সন্দৰ্ভত পৰিয়ালৰ লোকে বিজনী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে ছাত্ৰী গৰাকীৰ সন্ধান পালে ৯০৮৫৩৩২৩৫৩ আৰু ৯১৮৪৮৬৭৬৫৮৭১ এই নম্বৰ দুটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Comments

comments

You may also read!

বিদেশ ভৰি পৰিব অসমৰ কৃষকৰ কেঁচা শাক-পাচলিৰে: নগাঁওৰ এটি চাপ্লাই কোম্পানীৰ কৃষকৰ কেঁচা শাক-পাচলি বিমানযোগে উৰা মাৰিলে সুদূৰ ডুবাইলৈ

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: বিদেশ ভৰি পৰিব অসমৰ কৃষকৰ কেচাঁ শাক-পাচলিৰে । এক ঐতিহ্যাসিক মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল

Read More...

বটদ্ৰৱাত নাৰী সবলীকৰণৰ গুৰুত্ব শীৰ্ষক আলোচনা চক্ৰ

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: দেওবাৰে নগাওঁ জিলাৰ বটদ্ৰৱাস্থিত জামতলত ড: কালামচ ইন্সটিটিউট অফ এডভান্চ ষ্টাডিচৰ

Read More...

আব্দুল খালেক গো বেক ধ্বনিৰে কপি উঠিল জনীয়া মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়: দলীয় টিকট বিক্ৰীৰ অভিযোগ আব্দুল খালেকৰ বিৰুদ্ধে

জনীয়া, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: বৰপেটা জিলাৰ জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি শনিবাৰে সন্ধিয়া জনীয়া মণ্ডল কংগ্ৰেছৰ কার্যালয়ত

Read More...

Mobile Sliding Menu