চৰাইদেউ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চৰাইদেউজিলাৰ সোণিৰিস্থিত কংগ্ৰেছৰ চৰাইদেউ জিলাৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰত ৰত্ন পিতামহিৰূহ অটল বিহাৰী বাজপেয়ী দেৱৰ মৃত্যুত চৰকাৰে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। কিন্তু সোণাৰিস্থিত চৰাইদেউ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ওলোটাকৈ উত্তোলন কৰে অৰ্ধনৰ্মিত জাতীয় পতাকা। অৱশ্যে কিছু সময়ৰ পিছত চৰাইদেউ জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰাৰ কথা জানিব পাৰি পতাকাখন নমাই পুনৰ উত্তোলন কৰে । মন কৰিবলগীয়া কথা যে দেশৰ গৌৰৱ জাতীয় পতাকাখনক চৰাইদেউ জিলা কংগ্ৰেছে এনেদৰে অপমান কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীকো অপমান কৰিছে বুলি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ চৰাইদেউ জিলাখনত ।