চৰাইদেউ, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : বুধবাৰে নিশা চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানৰ অন্তৰ্গত চতিনাগুৰিৰ পৰা আৰক্ষীয়ে পাঁচজনকৈ আলফা (স্বাধীন)ৰ সদস্য গ্ৰেপ্তাৰ কৰে। গোপন খবৰৰ ভিত্তিত চতিনাগুৰিত অভিযান চলাই আৰক্ষী আৰু ২৪৪ ফিল্ড ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে পাঁচজন আলফা (স্বাধীন)ৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণ অস্ত্ৰও উদ্ধাৰ কৰে।

দেশজুৰি লকডাউন অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা আৰক্ষী আৰু ২৪৪ ফিল্ড ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানৰ অন্তৰ্গত চতিনাগুৰিত পাঁচজনকৈ আলফা (স্বধীন)ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰে। জানিবলৈ পোৱা মতে অপূৰ্ব গগৈ, সীমান্ত গগৈ, লক্ষ্য জ্যোতি গগৈ, যোগান গগৈ আৰু সিদ্ধাৰ্থ গগৈ নামৰ পাঁচজন আলফা (স্বাধীন)ৰ সদস্যক আৰক্ষী আৰু ২৪৪ ফিল্ড ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আলফা (স্বাধীন)ৰ সদস্য কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ এক অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা অস্ত্ৰ সমূহৰ ভিতৰত আছে ৮ টা এমকিড ৮১ ৰাইফলৰ মেগাজিন আৰু ৩২৩ ৰাউণ্ড গুলী, দুটা .৭৫ এম এম পিষ্টলৰ গুলী, ০.২২ পিষ্টলৰ সৈতে মেগাজিন, দুটা ০.২২ পিষ্টলৰ গুলীৰ লগতে বহু সামগ্ৰী।

উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা আলফা (স্বাধীন)ৰ পাঁচজন সদস্য তৰাই গাঁও ৰ ভুৱন গগৈ নামৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ আছিল। আৰক্ষীয়ে ইতিমধ্যে আশ্ৰয় প্ৰদান কৰা ভুৱন গগৈৰ বিৰুদ্ধেও আইন ব্যৱস্থা গ্ৰহণ কৰিছে।