চৰাইদেউৰ পৰা আশীকুৰ ৰহমান, সংবাদ ৩৬৫, ২৩ জানুৱাৰীঃ  চৰাইদেউ জিলাৰ বৰহাটৰ টকৌবৰীয়া মহন ফুকন বংশৰ কেইবাশ বছৰ পূৰ্বে হেৰাই যোৱা বংশৰ সিপাৰ সন্ধান বিচাৰি মঙ্গলবাৰে বিভিন্ন ঠাইত সিচঁৰিত হৈ পৰা টকৌবৰীয়া মহন ফুকন বংশৰ সকলো লোক একত্ৰিত হয়। টকৌবৰীয়া মহন ফুকন বংশৰ পিতৃ পুৰুষ মনচেঙৰ তিনি পুত্ৰ লুৱাল, পুৱাল আৰু মনভূলৰ সতি সন্ততি বৰ্তমান হাজাৰৰো অধিক। এই বংশৰ হেৰাই যোৱা বংশৰ পৰিচয় বিচাৰি চৰাইদেউ জিলাৰ বৰহ গাৱঁত মঙ্গলবাৰে অনুষ্ঠিত কৰা হয় টকৌবৰীয়া মহন ফুকন বংশৰ বংশাৱলী অভিৱৰ্তন। পুৱাৰে পৰা বিভিন্ন মাংগলিক কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱাত অভিৱৰ্তন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে তাই নৃত্য লাইলুং খাম, বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে পৰিয়ালৰ পৰিচয় পৰ্ব অনুষ্ঠিত ভাগ লয়। দীৰ্ঘদিন ধৰি হেৰাই যোৱা সম্বন্ধ ঘুৰাই পোৱাত আনন্দিত হৈ পৰে পৰিয়ালৰ সকলো লোক। বৰহাটৰ চতিয়নাগুৰি মনচেং সমন্বয় ক্ষেত্ৰত হোৱা অনুষ্ঠানৰ পুৱা পৰিবেশ নিকাকৰণ, বৃক্ষ ৰূপনৰ লগতে পতাকা উত্তোলন কৰা হয়।