চৰাইদেউ জিলাৰ সোণাৰিত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কংগ্ৰেছৰ

In ৰাজ্য

চৰাইদেউ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চৰাইদেউজিলাৰ সোণিৰিস্থিত কংগ্ৰেছৰ চৰাইদেউ জিলাৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰত ৰত্ন পিতামহিৰূহ অটল বিহাৰী বাজপেয়ী দেৱৰ মৃত্যুত চৰকাৰে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। কিন্তু সোণাৰিস্থিত চৰাইদেউ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ওলোটাকৈ উত্তোলন কৰে অৰ্ধনৰ্মিত জাতীয় পতাকা। অৱশ্যে কিছু সময়ৰ পিছত চৰাইদেউ জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰাৰ কথা জানিব পাৰি পতাকাখন নমাই পুনৰ উত্তোলন কৰে । মন কৰিবলগীয়া কথা যে দেশৰ গৌৰৱ জাতীয় পতাকাখনক চৰাইদেউ জিলা কংগ্ৰেছে এনেদৰে অপমান কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীকো অপমান কৰিছে বুলি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ চৰাইদেউ জিলাখনত ।

Comments

comments

You may also read!

বকোত কণ কণ শিশুয়ে দুহাতেৰে বাঁহে সজা টুকুৰী প্ৰস্তুত কৰি বিদ্যালয়ৰ খৰছ যুগুতোৱাৰ লগতে জীৱিকা নির্বাহৰ পথ উলিয়াইছে

বকো, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ৰৌমাৰী গাঁৱৰ পুৰুষ, মহিলা আৰু শিশু ছাত্ৰ

Read More...

শ্ৰীৰামপুৰত তিনিখনকৈ দোকানত চুৰিকাৰ্য্য

গোসাইগাঁও, সংবাদ ৩৬৫, ২৪ ছেপ্তেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত শিমুলটাপু আৰক্ষী চকীৰ পৰা প্ৰায় তিনিশ মিটাৰ মান দূৰৈত

Read More...

নাহৰকটীয়াৰ জয়পুৰত ১১কেভি বিদ্যুৎ লাইনৰ ইনচুলেটৰ ফুটি বিদ্যুৎপৃষ্ঠ হৈ দুটাকৈ পহুধনৰ মৃত্যুৰ লগতে তিনিগৰাকীকৈ মহিলা আৰু এজন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা

নাহৰকটীয়া, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ: নাহৰকটীয়াৰ জয়পুৰ লেবাংকুলা গাওঁত সোমবাৰে লেবাংকুলা এল পি স্কুলৰ সন্মুখতে ১১কেভি বিদ্যুৎ লাইনৰ ইনছুলেটৰ

Read More...

Mobile Sliding Menu