ছয়গাঁৱত খৰখৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনজাতীয় সংগঠনৰ শ্ৰমদান ছয়গাঁও

In ৰাজ্য
Umra Package

ছয়গাঁও 

৭ ছেপ্টেম্বৰ

ছয়গাঁৱত খৰখৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনজাতীয় সংগঠনৰ শ্ৰমদান। খনহীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাই অৱশেষত ওলাই আহিল কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজ।

ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জনজাতি অধ্যুষিত এলেকাৰ ৰিহাবাৰী আৰু গুইমাৰীত খৰখৰী নৈৰ গৰাখহনীয়াৰ ফলত ছয়গাঁও-উকিয়াম পথটো নৈত জাহ যোৱাৰ উপক্ৰম হৈছে। চৰকাৰে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে বৰ্তমানেও কোনো ধৰণৰ কাৰ্যব্যৱস্থা হাতত নোলোৱাত ইতিমধ্যে পথটোৰ প্ৰায় ৫০ মিটাৰ অংশ নৈত জাহ গৈছে৷ চৰকাৰলৈ বাট চাই কোনো ধৰণৰ সঁহাৰি নাপাই অৱশেষত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল স্থানীয় একাংশ সংগঠন তথা ৰাইজ। ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসুচী দাবী সমিতিৰ উদ্যোগত তথা অঞ্চলবাসী ৰাইজৰ সহযোগত শ্ৰমদান কাৰ্যসূচীৰে চলিল গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা। স্থানীয় লোক তথা সংগঠন কেইটাই নিজৰ গাঁঠিৰ ধন ভাঙি খহনীয়া হোৱা স্থানত বাঁহৰ বেৰ দি বস্তাত বালি ভৰাই গৰাখনীয়া প্ৰতিৰোধৰ বাবে শ্ৰমদান কৰে। এই শ্ৰমদান কাৰ্যসূচীত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, পৰিষদৰ সদস্য উদ্ধৱ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীতেন ৰাভাৰ লগতে কেবাগৰাকীও বিশিষ্ট লোকে সহযোগ কৰে।

উল্লেখ্য যে খৰখৰী নৈৰ গৰাখহনীয়াৰ পৰা উকীয়াম-ছয়গাঁও পথটো ৰক্ষা কৰিবলৈ ৰাইজে চৰকাৰ তথা প্ৰশাসনন দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অৱশেষত স্থানীয় সংগঠন কেইটাই সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি অহাত ৰাইজে সংগঠন কেইটাৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu