গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুনঃ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বুধবাৰে জনগোষ্ঠীয় ঐক্য মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ জন্মগত অধিকাৰ, জনজাতিকৰণৰ নামত ৰাজনীতি নচলিব, বিজেপি চৰকাৰৰ চলনা নচলিব, অসমৰ মানুহক হেতালি খেলাৰ ৰাজনীতি সহ্য কৰা নহ’ব, মিছলীয়া বিজেপি চৰকাৰ হুঁচিয়াৰ, ছয় জনগোষ্ঠীক জনজাতিকৰণ লাগিবই, ছয় জনগোষ্ঠীক ন্যায় দিয়ক বিদেশীক সংস্থাপন নহয়, অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয়, ধৰ্মৰ নামত ৰাজনীতি কৰাসকল হুঁচিয়াৰ, অসমত কোনো বিদশীক সংস্থাপন মানি লোৱা নহ’ব, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবই লাগিব বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰে অৱস্থানত অংশলোৱা প্ৰতিবাদী ৰাইজ। মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনজাতিৰ জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বহুবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও কাৰ্যক্ষেত্ৰত একো নকৰিলে। কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু, জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, সেইসময়ৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী তথা বৰ্ত্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ পৰা প্ৰতিনিধিত্ব কৰা আটাইকেইগৰাকী বিজেপিৰ সাংসদ, ভাৰতৰ গৃহ সচিব, যুটীয়া গৃহ সচিব(উত্তৰ-পূৱ), জনজাতি পৰিক্ৰমাৰ সচিব, মহাপঞ্জীয়ক, ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ বিষয়াৰ উপস্থিতিত যোৱা ২৮ ফেব্ৰুৱাৰী, ২০১৬ তাৰিখে দিল্লীত জনগোষ্ঠীয় ঐক্য মঞ্চৰ সৈতে অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠী জনজাতিকৰণৰ বাবে নৈতিকভাৱে সিৰ্দ্ধান্ত লোৱা বুলি কৈ মডেলিটি কমিটি গঠন কৰে আৰু কমিটিৰ প্ৰতিবেদন দাখিলৰ বাবে তিনিমাহৰ সময় বান্ধি দিয়ে যদিও দুয়োখন চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই কমিটিখনে বাৰে বাৰে সময় বৃদ্ধি কৰি দুবছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰতিবেদন নিদিলে। অসমৰ বিধানসভা নিৰ্বাচনৰ সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আগবঢ়ায় নিয়া অসমৰ বৰ্ত্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও মুখ্যমন্ত্ৰী হোৱাৰে পৰা বিষয়টোৰ ওপৰত মৌনব্ৰত কৰিলে। ইফালে প্ৰতিশ্ৰুতি অনুসৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সলনি অসমত ধৰ্মৰ নামত বিদেশীক সংস্থাপিত কৰিব বিচাৰিছে এইখন বিজেপি চৰকাৰে বুলি অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰী সকলে। ছয় জনগোষ্ঠীৰ ন্যাৰ্যতাৰ বাবে দুবছৰেও মডেলিটি বনাব নোৱাৰা চৰকাৰে ভাৰতৰ সংবিধানৰ আদৰ্শৰ বিৰুদ্ধে গৈ ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰি সংবিধান সংশোধনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিবলৈ উঠি পৰি লাগিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে বুলিও অভিযোগ কৰে প্ৰতিবাদী সকলে। চৰকাৰৰ এনে কাম কেতিয়াও মানি লোৱা নহ’ব। চৰকাৰৰ সকলো হঠকাৰী সিৰ্দ্ধান্তৰ বিৰুদ্ধে থিয় দিবলৈ ৰাইজ সাজু। আজি ছয় জনগোষ্ঠীৰ ৰাইজ ক্ষোভিত। এই ক্ষোভৰ বিস্ফোৰণ ঘটাব লাগিব। সেয়ে জনগোষ্ঠীয় ঐক্য মঞ্চই আহ্বান জনোৱা ১৭ জুলাইৰ তিনিচুকীয়া আৰু ২১ জুলাইৰ ডিব্ৰুগড়ৰ গণ সমাৱেশ, ২৩ আৰু ২৪ জুলাইত ৪৮ ঘণ্টীয়া অসম বন্ধ আৰু ৩০ জুলাইত দিল্লীত গণ অনশন কাৰ্সূচীলৈ দ’লে-ব’লে ৰাইজ ওলাই আহিব লাগিব। এইদৰে অৱস্থান ধৰ্মঘটৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিবাদী সভাত বক্তাসকলে মন্তব্য প্ৰকাশ কৰে। সভাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি ডেভিদ চেতিয়া, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া, সভাপতি লিটুল বুঢ়াগোহাই, উপসভাপতি মনোজ গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, চুতীয়া যুৱ সন্মিলন, অসমৰ সম্পাদক নৃপেন খনিকৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰ, সম্পাদক পৱন বেডিয়া, অসম মৰাণ সভাৰ সম্পাদক ধৰ্মেন্দ্ৰ নেওগ আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে বক্তব্য আগবঢ়ায়। প্ৰতিবাদী সভাখনৰ আঁত ধৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দুলাল বৰুৱাই। প্ৰতিবাদী কাৰ্যসূচীৰ শেষত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু নাগৰিকত্ব সংশিধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবী জনাই কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও জনগোষ্ঠীয় ঐক্য মঞ্চই প্ৰদান কৰে।