জনপ্ৰিয় আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত বাঘবৰ প্ৰেছ ক্লাবৰ সহযোগত সেউৰাভিটাত দিবা-নৈশ প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা

In ক্ৰীড়াংগন

বাঘবৰ, সংবাদ ৩৬৫, ২০ অক্টোবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সেউৰাভিটাস্থ তাজ উদ্দিন হাইস্কুল খেল পথাৰত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় দিবা-নৈশ প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা। স্থানীয় বিশিষ্ট ব্যক্তি আলহাজ আব্বাছ আলীয়ে সভাপতিত্ব কৰা খেল খনত উপস্থিত থাকে বৃহত্তৰ বাঘবৰ এলেকাৰ বিশিষ্ট ব্যক্তি আলহাজ ইউছুফ আলী , অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ আ: বাৰেক , অঞ্চলটোৰ কেইবা গৰাকী সাংবাদিক, চিকিৎসকসহ বহু গন্য মান্য ব্যক্তি। খেল উপভোগ কৰিবলৈ প্ৰায় তিনি সহস্ৰাধিক লোকৰ সমাগম হয় । জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছটাকৈ দলৰ মাজত এক যুদ্ধ সাদৃশ পৰিবেশত নিশা ১২ টালৈ চলে প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা। অৱশেষত ডাবালিয়াপাৰা ক্ৰীড়া সন্থাই প্ৰথম স্থান লাভ কৰি পাঁচ হাজাৰ এটকা লগতে এখন ট্ৰফী লাভ কৰে । দ্বিতীয় স্থান ফ্ৰান্স ক্লাব চানমামাৰ দলে লাভ কৰি তিনি হাজাৰ এটকা আৰু এখন ট্ৰফী লাভ কৰে। শেষত সকলোৰে সহায় সহযোগিতাত উদ্বোক্তাই ধন্যবাদ জ্ঞাপন কৰে ।

Comments

comments

You may also read!

বটদ্ৰৱাৰ শিলপুখুৰীত অগপৰ বিশাল গণ সমাবেশ

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১২ নৱেম্বৰ: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনৈতিক দলসমূহে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ইখনৰ পাছত

Read More...

বৰপেটাৰ টেকলাৰবালাত অচিনাক্ত লোকৰ মৃতদেহ কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ

বৰপেটা, সংবাদ ৩৬৫, ১২ নৱেম্বৰ: মহানগৰীত দুটাকৈ সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই বৰপেটা জিলাৰ বৰপেটা সদৰ আৰক্ষী

Read More...

“বিজেপি নহয়, কংগ্ৰেছৰ লগত মুল যুঁজ হ’ব অগপৰ”- এই মন্তব্য বিধায়ক গুণীন্দ্ৰ নাথৰ: পঞ্চায়তত অগপৰ লক্ষ্য সংখ্যালঘু ভোটাৰ

বাঘবৰ, সংবাদ ৩৬৫, ১১ নৱেম্বৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সময় চমু চপাৰ লগে লগে ৰাজনৈতিক দল সমূহে ইখনৰ পিছত সিখন

Read More...

Mobile Sliding Menu