উত্তৰ অভয়াপুৰী, সংবাদ ৩৬৫, ২০ অক্টোবৰ: পৰিৱৰ্তনকামী চৰকাৰখনে উন্নয়নৰ হাজাৰটা শ্লোগান গাই ফুৰি অৱশেষত উন্নয়ৰ নগ্নস্বৰূপ দেখুৱালে ৰাইজক। দৈনিক বিদ্যুৎ বিভাগৰ গাফিলতিয়ে ৰাইজক অতিষ্ঠ কৰাৰ লগতে এইবাৰো অত্যাধিক হাৰত বিদ্যুৎ বিল লৈ গ্ৰাহক সকলক জুৰুলা কৰিছে। তাৰ প্ৰতিবাদতেই শনিবাৰে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ দক্ষিণ কাজদহাত অত্যাধিক হাৰত বিদ্যুৎ বিল লোৱাৰ বিৰুদ্ধে ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ নিজৰ ইচ্ছা মতে ঘৰত আহি ৰিডিং নোলোৱাকৈ গ্ৰাহকক তিনি-চাৰি মাহ পিছে পিছে ৫/৬ হাজাৰ টকাকৈ বিদ্যুৎ মাচুল দিয়াৰ অভিযোগ তোলে প্ৰতিবাদকাৰীয়ে। বিজনী বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ হেমাহি আৰু দুৰ্ণীতি পৰায়ণ মনোভাৱৰ অভিযোগ তোলে। এই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীয়ে দাবী কৰি কয় যে অতিশীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হব। প্ৰতিবাদকাৰীয়ে হাতে হাতে বিদ্যুৎ বিল লৈ তপন গগৈ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বিদ্যুত বিভাগ হায় হায়, বিজনী বিদ্যুৎ উপসংমন্ডল মুৰ্দাবাদ আদি শ্লোগান দিয়ে ।