বৰপেটা, সংবাদ ৩৬৫, ৪ অক্টোবৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ মেধেৰটাৰী বহুমুখী বজাৰগৃহ আৰু পূব জনীয়া সমবায় সমিতিৰ গৃহত দীর্ঘদিনৰে পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চলাই থকা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ব্যক্তিগত শিক্ষানুষ্ঠান চলাই আছে জনীয়া জিলা পৰিষদৰ সদস্যা ইলিমা খাতুনৰ স্বামী আব্দুল হাইয়ে। উল্লেখ্য যে, মেধেৰটাৰী বহুমুখী বজাৰগৃহটো ৰাইজৰ সেৱাত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই লিজত লৈ এছিয়ান মিছন ইনষ্টিটিউট চলাই আছে। এই চৰকাৰী গৃহ দুটা জিলা পৰিষদ সদস্যাৰ স্বামী আব্দুল হাইৰ পৰা মুকলি কৰিবলৈ বৰপেটা জিলাৰ উপায়ুক্তক আৱেদন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই সংক্ৰান্তত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ মাধ্যমক মেধেৰটাৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক জিয়াদ আলীয়ে সংবাদ মাধ্যমৰ লগত অভব্য আচৰণ কৰি ভিডিও সংগ্ৰহ কৰাত বাধা দিয়াৰ লগতে সাংবাদিকৰ কেমেৰা কাঢ়ি নিবলৈ চেষ্টা কৰে। বৰপেটা জিলা প্ৰশাসনে এই গৃহ দুটা যাতে অতি সোনকালে মুকলি কৰি দিয়ে তাৰ বাবে ৰাইজে দাবী জনাইছে।