গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জানুৱাৰীঃ  মহানগৰী গুৱাহাটীৰ ওদালবাক্ৰাত থকা শুভ শক্তি চিট এণ্ড ক্ৰেডিট কো অপাৰেতিভ নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ মেনেজাৰ চন্দ্ৰ দাসে গ্ৰাহকৰ কেইবা কোটি টকা আত্মসাত কৰি পলায়ন কৰাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰে। চন্দ্ৰ দাসৰ সৈতে পৰিতোষ মণ্ডল, পৰেশ বছক আৰু প্ৰকাশ শ্বাহ নামৰ আৰু তিনিজন লোকক ওদালবাক্ৰা আৰক্ষীয়ে আটক কৰাৰ পিছত মঙ্গলবাৰে ওদালবাক্ৰা আৰক্ষীয়ে ভুৱা বিত্তীয় প্ৰতিষ্ঠনটোৰ ওদালবাক্ৰা কাৰ্যালয়ত অভিযান চলাই কেইবা হাজাৰ জমা বহিৰ লগতে বহু নথিপত্ৰ উদ্ধাৰ কৰি জব্দ কৰে। আৰক্ষীয়ে ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোত অভিযান চলোৱাৰ সময়ত প্ৰতিষ্ঠানটোত ধন জমা থোৱা বহু গ্ৰাহক আহি ভিৰ কৰে আৰু নিজৰ জমা ধন ওভতাই খোজে। পৰিস্থিতি অধিক জটিল হোৱাত ওদালবাক্ৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নিজৰ অভিযান আৰম্ভ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে এজন গ্ৰহকে এই ভুৱা বিত্তীয় প্ৰতিষ্ঠনটোৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে চাৰিজনকৈ লোকক আটক কৰি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযান চলায়।