টীয়ক

২৪ আগষ্ট

টীয়কৰ জাঁজীমুখৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ বনৰীয়া পোৱালী। বিগত পোন্ধৰ দিন ধৰি চাপৰিত আৱদ্ধ হৈ থকা বনৰীয়া হাতীৰ পোৱালীটো পৰিছে খাদ্য সংকটত। খাদ্যৰ অভাৱত ক্ৰমাৎ দুৰ্বল হৈ আহিছে হাতীৰ পোৱালীটো।

যোৰহাট জিলাৰ বানেধোৱা টীয়কৰ জাঁজীমুখ হাতীশালৰ ৰামা চাপৰিত বিগত পোন্ধৰ দিন ধৰি এটা বনৰীয়া হাতীৰ পোৱালী আবদ্ধ হৈ থকাত সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে৷ স্থনীয় ৰাইজে জানিবলৈ দিয়া মতে বিগত পোন্ধৰ দিন চাপৰিৰ মাজত আৱদ্ধ হৈ থকা বনৰীয়া হাতীৰ পোৱালীটো তীব্ৰ খাদ্য সংকটত পৰাত হাতীৰ পোৱালীটো ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। ইফালে হাতীৰ পোৱালীটোক চাপৰিৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বন বিভাগে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে একাংশ স্থানীয় ৰাইজ। চাপৰিত আৱদ্ধ হৈ থকা হাতীৰ পোৱালীটোক স্থানীয় ৰাইজে নিতৌ কলগছকে ধৰি বিভিন্ন খাদ্য যোগান ধৰি আহিছে যদিও জাকৰ পৰা বিচ্ছিন্ন হৈ পৰা বনৰীয়া হাতীৰ পোৱালীটোক অনতি পলমে উদ্ধাৰ কৰি নিবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে।

উল্লেখযোগ্য যে বানে গৰকা টীয়কৰ জাঁজীমুখ হাতীশালৰ ৰামা চাপৰিত বিগত কিছু বছৰ ধৰি বানৰ লগতে গাৰখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বান আৰু গৰাখহনীয়াৰ সমস্যাৰে জৰ্জৰিত অঞ্চলটোত বিভিন্ন সময়ত বনৰীয়া হাতীৰ জাকেও সন্ত্ৰাস সৃষ্টি কৰি আহিছে।