গুৱাহাটী

২৪ আগষ্ট

মূখমন্ত্ৰী হ’ব নোৱাৰি কংগ্ৰেছ এৰি বিজেপি লৈ যোৱা পুৰণি বন্ধু পুনৰ কংগ্ৰেছলৈ আহিলে মূখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে সমৰ্থন কৰিব ৰকিবুল হুছেইনে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কতাক্ষ ৰকিবুল হুছেইনৰ।

কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কতাক্ষ কৰি কয় এজন ভাল বন্ধু কংগ্ৰেছত মুখ্যমন্ত্ৰী হ’ব নোৱাৰি বিজেপি লৈ গুচি গৈছে কিন্তু তেওঁ বিজেপিটো মুখ্যমন্ত্ৰী হোৱাৰ চান্স নাই। মোৰ সেইজন বন্ধুৰ প্ৰতি মৰম আছে। বন্ধুজনে কংগ্ৰেছত থাকি বেয়া কৰিলে আৰু বিজেপিটো তেওঁ বেয়া কৰিছে। যদি তেওঁ ভাবে কংগ্ৰেছলৈ ঘূৰি আহিলে মুখ্যমন্ত্ৰী হ’ব পাৰিব তেন্তে মই তেওঁক ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত সমৰ্থন কৰিম। মুখ্যমন্ত্ৰী হোৱাৰ বহুদিনীয়া আশা এটা যদি পূৰণ হয় হওক বুলিও মন্তব্য কৰি পুৰণি বন্ধ হিমন্ত বিশ্ব শৰ্মাক কতাক্ষ কৰে ৰকিবুল হুছেইনে। বৰঝাৰ বিমানবন্দৰ ব্যক্তিগত কৰণ কৰাৰ বিৰুদ্ধে কংগ্ৰেছ দলে সাব্যস্ত কৰা প্ৰতিবাদস্থলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এইধৰে মন্তব্য কৰে ৰকিবুল হুছেইনে।

উল্লেখ্য যে বিজেপি চৰকাৰে মহানগৰীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ ৫০ বছৰৰ বাবে আদানী গ্ৰুপক গতাই দিয়াৰ বাবে সোমবাৰে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু বিধায়ক ৰুকিবুল হুছেইনৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বৰঝাৰ বিমানবন্দৰ ব্যক্তিগত কৰৰণৰ বিৰোধিতা কৰে। কংগ্ৰেছ দলৰ সমান্তৰালভাৱে বৰঝাৰ বিমানবন্দৰৰ কৰ্মচাৰী সকলেও পৃথকে বৰঝাৰ বিমানবন্দৰ ব্যক্তিগত কৰৰণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।