মুস্তাক আহমেদ

জুৰীয়া

২৩ অক্টোবৰ

জুৰীয়াৰ দগাঁৱত ভয়াবহ অগ্নিকাণ্ড। জুইত জাহ গ’ল ৪ খন কৈ দোকান। প্ৰায় ২০ লাখ টকাৰ সম্প্ৰতি ভস্মীভূত।

নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱত শুকুৰবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত জুৰীয়া উন্নয়ন খণ্ডৰ সন্মুখত থকা বজাৰত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা ৪ খনকৈ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। বজাৰখনত থকা অন্যান্য দোকান সমূহ ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে। বজাৰখনত থকা কিছুমান লোকে স্থানীয় ৰাজইৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্ত্তমানলৈকে জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডত জাহ যোৱা দোকান সমূহৰ গৰাকী কেইজন ক্ৰমে
মানিক খান, নুৰুল ইছলাম আৰু মাহমুদ আহমেদ বুলি জানিব পৰা গৈছে। ঘটনাস্থলিত দগাওঁ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।