তিতাবৰ, সংবাদ৩৬৫, ২১ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকাত নৃশংসতাৰ বলি হোৱা গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথৰ সোঁৱৰণত তিতাবৰ ৰঙাজান মৰাণগাঁও আৰু বঙালগাঁৱৰ কৈৱৰ্ত সম্প্ৰদায়ৰ ৰাইজে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰে।দুয়োখন গাঁৱৰ শতাধিক পুৰুষ-মহিলা আৰু যুৱক-যুৱতী সকলে অভিজিৎ আৰু নিলোৎপলৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই সমূহীয়া নাম প্ৰসংগত অংশগ্ৰহণ কৰে। দুয়োখন গাঁৱৰ ৰাইজে নৃশংস হত্যাকাণ্ডত জড়িত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে ভৱিষ্যতে এনেকুৱা সমাজ বিধেষী ঘটনা যাতে নহয় তাৰ বাবে চৰকাৰক ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। গাঁওবাসীয়ে চৰকাৰক অন্ধবিশ্বাসৰ বিৰুদ্ধে শক্তিশালী আঁচনি গ্ৰহণ কৰিবৰ বাবেও দাবী জনায়।