বোকাজান, সংবাদ ৩৬৫, ১৪ অক্টোবৰ: বৃহত্তৰ পাৰ্বত্য কাৰ্বি আংলঙ জিলাৰ বোকাজান মহাবিদ্যালয়ত দেওবাৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈ যায় আই এ এছ, আই পি এছ, এ পি এছ, এ চি এছৰ এক বিশেষ পৰীক্ষা। উক্ত পৰীক্ষাত অংশগ্ৰহন কৰা ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত যিসকলে এই বিশেষ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকক বিধায়ক গৰাকীয়ে গুৱাহাটীৰ চিভিল চাৰ্ভিছ আছিভাৰ্ছ পইণ্টত ফ্ৰী কছিং, ফ্ৰী থকা আৰু খোৱা ব্যৱস্থাপনা কৰিব। উক্ত পৰীক্ষাত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয় যে কাৰ্বি আংলঙ জিলাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়া-শুনাত পিছ পৰা বুলি ভবা সকলক আমি দেখুৱাব লাগিব যে আমি পঢ়া-শুনাৰ লগতে সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰো। কথাতে আছে চেষ্টাৰ অসাধ্য একো নাই। উল্লেখ্য যে, অনুষ্ঠিত এই বিশেষ পৰীক্ষাত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাবলৈ বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু সদস্য মুকুট মহন্ত।
![](https://sangbad365.com/wp-content/uploads/2018/10/IMG-20181014-WA0006.jpg)