ডিফু

২৯ আগষ্ট

ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ গ্ৰেপ্তাৰ চোৰ। এমাহ পূৰ্বে তাৰলাংছৰ সমীপৰ লংৰিক ৰংহাঙ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পৰা চোৰটোৱে চুৰি কৰিছিল এটা সোণৰ আঙঠি, এটা ৰূপৰ আঙঠি, ৰূপৰ নেকলেছ আৰু দুটাকৈ এণ্ড্ৰইড মোবাইল ফোন লগতে নগদ ধন।

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফু চহৰত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে মোবাইল চোৰৰ ঘটনাৰ। নিশাৰ ভাগতে নহয় দিনৰ ভাগতো মানুহৰ ঘৰত সুযোগ বুজি চোৰে প্ৰৱেশ কৰি চুৰিকাৰ্য চলাই আছে। চহৰখনত চোৰৰ এই উপদ্ৰবৰ মাজতে শনিবাৰে আ-অলংকাৰ আৰু এণ্ড্ৰইড মোবাইলসহ চোৰ এটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিবলৈ পোৱা অনুসৰি যোৱা মাহত ডিফু থানাৰ অন্তৰ্গত তাৰলাংছৰ সমীপৰ লংৰিক ৰংহাঙ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পৰা চোৰে এটা সোণৰ আঙঠি, এটা ৰূপৰ আঙঠি, ৰূপৰ নেকলেছ আৰু দুটাকৈ এণ্ড্ৰইড মোবাইল ফোন লগতে নগদ ধন চুৰি কৰি নিছিল। ঘটনা সংক্রান্তত ডিফু থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩৮০ আৰু ১৩৭/২০২০ এক গোচৰ ৰুজু হোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ শুকুৰবাৰে আৰক্ষীয়ে চুৰি মোবাইল ফোন দুটাৰ আইএমআই নম্বৰ ট্ৰেছ কৰি ডিফু মিথিফাঙৰ পৰা চুৰি হোৱা আ-অলংকাৰ আৰু মোবাইলসহ চোৰটোক আটক কৰিবলৈ সক্ষম হয়৷

ধৃত চোৰটো হাওৰাঘাট থানা অন্তৰ্গত জালজুৰিৰ নিবাসী জয়ৰাম স্বৰ্গীয়াৰীৰ পুত্ৰ অনিল স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে৷ চোৰটোৰ কৱলৰ পৰা আৰক্ষীয়ে এডাল ৰূপৰ চেইন, এটা সোণৰ আঙুঠি, এটা ৰূপৰ আঙুঠি, দুটা তামৰ আঙুঠি আৰু দুটা এণ্ড্ৰইড মোবাইল ফোন উদ্ধাৰ কৰে৷ ধৃত চুৰটোক শনিবাৰে ডিফু আদালতত হাজিৰ কৰাত আদালতে চুৰটোক জেল হাজোতলৈ প্ৰেৰণ কৰে।