তন্ত্ৰ মন্ত্ৰৰ নামত ঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ অভিযোগ ভাড়াতীয়া পৰিয়ালৰ বিৰুদ্ধে

In ৰাজ্য
Umra Package

কুন্দন ভৰালী

নগাঁও

১০ ফেব্ৰুৱাৰী

নগাঁৱত চাঞ্চল্য। তন্ত্ৰ মন্ত্ৰৰ নামত ঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ অভিযোগ ভাড়াতীয়া পৰিয়ালৰ বিৰুদ্ধে। আৰক্ষীৰ জালত ব্লেকমেইলিংৰ অভিযুক্ত পৰিয়াল।

নগাঁৱত সংঘটিত হৈছে তন্ত্ৰ মন্ত্ৰৰ নামত ভাড়াঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ ঘটনা। নগাঁৱৰ কঁচুলখোৱাৰ পংকজ কুমাৰ বৰ্মন নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালে তন্ত্ৰ মন্ত্ৰ কৰাৰ নামত ব্লেকমেইলিং কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। তন্ত্ৰ মন্ত্ৰ কৰাৰ নামত পৰিয়ালটোৰ পৰা কেইবাবাৰো ধন আদায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে বিজয় দে নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে। ভাৰতীয় হিচাপে থকা বিজয় দেৰ পৰিয়ালে মালিক পৰিয়ালক বিভিন্ন সময়ত নানা ভয় দেখুৱাই তন্ত্ৰ মন্ত্ৰ কৰি দিয়াৰ নামত ধন আদায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে মালিক পৰিয়ালে। কেৱল এয়াই নহয় ভাড়াতীয়া পৰিয়ালটোৱে মালিক পৰিয়ালৰ এগৰাকী যুৱতীকো শেহতীয়াকৈ ব্লেকমেইলিং আৰম্ভ কৰাৰো অভিযোগ উত্থাপন হৈছে।যুৱতীগৰাকীৰ মোবাইল ফোনৰ গোপন তথ্য ভাইৰেল কৰাৰ নামত ধন দাবী কৰাৰৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয় সন্দৰ্ভত বুধবাৰে মালিক পৰিয়ালে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজহাৰ।

এই এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী খানৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অভিযুক্ত বিজয় দেসহ পৰিয়ালৰ আন দুগৰাকী সদস্যকো আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu