আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১০ ফেব্ৰুৱাৰী

জনজাতিকৰণৰ দাবীত প্ৰতিবাদী সমদল। টাই আহোম যুৱ পৰিষদে জনজাতিকৰণৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই। শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰিয় সমিতিয়ে জনজাতীকৰণৰ আৰু স্বায়ত্ব শাসনৰ প্ৰদান কৰাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বুধবাৰে শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰিয় সমিতিয়ে জনজাতীকৰণৰ আৰু স্বায়ত্ব শাসনৰ প্ৰদান কৰাৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰী সকলে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি অৱস্থিত টাই আহোম সংস্কৃতিৰ বিকাশ কেন্দ্র পাংনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই শিৱসাগৰ নগৰ ভ্ৰমণ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰী সকলে আমাক জনজাতিকৰণ প্ৰদনা কৰিবই লাগিব, আমাক স্বায়ত্ব শাসনৰ প্ৰদান কৰাৰ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত এক স্মাৰক পত্ৰও প্ৰদান কৰে।চৰকাৰে যদি অতি শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেন্তে আগন্ত নিৰ্বাচিত ইয়াৰ উচিত প্ৰতিউত্তৰ দিয়া হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।