গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : তলাবন্ধৰ ফলত সংকটৰ মুখামুখি হৈ থকা ৰাইজক সহায় কৰিবলৈ বৰ্তমান সময়ত বিভিন্ন জন লোক আগুৱাই অহা দেখা গৈছে। কোনোৱে যদি নিজৰ সাঁচতীয়া ধন অসম আৰোগ্য নীধিলৈ আগবঢ়াই দিছে কোনোৱে আকৌ যোগান ধৰিছে খাদ্য সামগ্ৰী। তলাবন্ধ অব্যাহত থকাৰ সময়তে চাংসাৰিৰ অৰ্ধশতাধিক লোকক সহায়ৰ হাত আগবঢ়াই দিবলৈ আগুৱাই আহিল চাংসাৰি নিবাসী দীপক নাথ আৰু তেওঁৰ সমূহ পৰিয়াল বৰ্গ।

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস এতিয়া বিশ্বৰ প্রান্তে প্রান্তে বিৰাজমান।বিশ্বৰ প্রায় প্ৰতিখন দেশৰ চিকিৎসা বিজ্ঞানী কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক বিচাৰি দিনে নিশাই ব্যস্ত হৈ পৰিছে। কিছু সংখ্যক লোক এইক্ষেত্ৰত সুস্থ হৈ উঠিছে যদিও বৰ্তমান সময়ত কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ একমাত্ৰ অস্ত্ৰ হৈছে সামাজিক দূৰত্ব। সামাজিক দূৰত্বৰ বাবেই ইতিমধ্যে তলাবন্ধৰ ঘোষণা কৰা হৈছে বিশ্বৰ বহুকেইখন দেশত। ভাৰততো ঘোষণা কৰা হৈছে ২১ দিনীয়া তলাবন্ধ। এনেদৰে তলাবন্ধ কৰাৰ পিছতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে দেশৰ সাধাৰণ জনতা। দেশৰ এক শ্ৰেণীৰ জনতা খাদ্য সমস্যাতো ভোগা পৰিলক্ষিত হৈছে।বিশেষকৈ দিন হাজিৰা কৰা দৰিদ্ৰ লোক সকল সন্মুখীন হৈছে খাদ্য সংকটৰ। খাদ্য সংকটৰ সন্মুখীন হোৱা এই লোক সকলক সহায়ৰ হাত আগবঢ়াই দিছে বিভিন্ন জনে। চাংসাৰি নিবাসী দীপক নাথ আৰু তেওঁৰ পৰিয়ালৰ লোক সকলো আগুৱাই আহিছে দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ সহায়ৰ বাবে। বুধবাৰে কামৰূপ জিলাৰ চাংসাৰিত দুখীয়া আৰু দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ মাজত খাদ্যৰ যোগান ধৰে দীপক নাথ আৰু তেওঁৰ সমূহপৰিয়ালবৰ্গই। দীপক নাথৰ সমূহ পৰিয়ালবৰ্গই বুধবাৰে চাংসাৰি অঞ্চলৰ অৰ্ধশতাধিক লোকৰ মাজত চাউল, দাইল, তেল, আলু, পিয়াজ, কণী, নিমখ, ভেন্দি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰে।

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো চৰকাৰী কৰ্মচাৰী সকলক তলাবন্ধৰ ফলত সংকটৰ সন্মুখীন হোৱা পৰিয়ালবৰ্গক সহায় কৰিবলৈ আহ্বান জনোৱাৰ পিছতে এনেদৰে বিভিন্ন ঠাইত চৰকাৰী কৰ্মচাৰী সকল আগুৱাই আহিছে দুখীয়া আৰু দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক সহায় কৰিবলৈ।