তিতাবৰ, ১০ ছেপ্টেম্বৰঃ ৰাজ্যত মৰণফাণ্ডৰ ৰূপ লৈছে বিধ্বস্ত বাট পথে। যাতায়তৰ নামত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে জনতাই। উন্নয়নত কানসাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰৰ সৰ্মীপৱৰ্তী আমগুৰিখাট বৰমেধিচুকত বাট পথ বিধ্বস্ত হৈ পৰিছে। যাৰ কাৰণে স্থানীয় লোকে নিজৰ গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণত লাগিছে। পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰক বাৰম্বাৰ দাবী জনাই ইতিবাচক সঁহাৰি নাপাই  পথ নিৰ্মাণত নামিছে পুৰুষ মহিলা। তিতাবৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ ১৫ বছৰে ৰাজ্যৰ বাঘজৰী হাতত লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান তিতাবৰ সমষ্টিৰে বিধায়ক তৰুণ গগৈৰ চকু নপৰিল এই জৰাজীৰ্ণ বাট পথত। পৰিবৰ্তনৰ কথা কৈ ৰাজ্যৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰেও কোনো ইতিবাচক সঁহাৰি নিদিয়াত পৰিৱৰ্তনকামী সৰ্বা চৰকাৰৰ বিৰুদ্ধে তিতাবৰৰ স্থানীয় লোকে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।