কলগাছিয়া, ১০ চেপ্তেম্বৰঃ জাতি মাটি ভেটিৰ ৰক্ষাৰ ভূৱা শ্ল’গান এৰি ৰণজিৎ দাসক নিজৰ সমষ্টিক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে কৃষক নেতা অখিল গগৈয়ে। উল্লেখ্য যে, বেকী নদীৰ খহনীয়াত সৰভোগ সমষ্টিৰ কেবাখনো মুছলমান গাঁৱৰ লগতে অসমীয়া, বড়ো, নেপালী আদিবাসী সম্প্ৰদায়ৰ ২২ খনকৈ গাঁও জাহ গৈছে। কিন্তু সমষ্টিৰ প্ৰতি কাণসাৰ নাই বিধায়ক ৰণজিৎ কুমাৰ দাসৰ। বেকী নদীৰ খহনীয়াত জাহ যোৱা বৰপেটাৰোড-মানাহ সংযোগী গড়কাপ্তানী পথটো পৰিদৰ্শন কৰি কৃষক নেতা অখিল গগৈয়ে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ দাসক জাতি মাটি ভেটিৰ ভুৱা ডাইলগ এৰি সমষ্টিটো ৰক্ষা কৰাৰ আহ্বান জনায়। অখিল গগৈয়ে বিধায়ক ৰণজিৎ দাসক এমাহৰ ভিতৰত বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমষ্টিটোৰ ২২খন গাঁৱৰ জনতাকলৈ বিধায়কগৰাকীৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ দিয়ে। অখিলে লগতে কয় যে, বিজেপি চৰকাৰে হিন্দু- মুছলমানৰ লগত কাজিয়া লগাই ৰাজনীতি কৰি আছে। জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল  আচল কথাত নিমাত থকাটো অত্যন্ত দুৰ্ভাগ্যজনক।
অসমৰ বাট পথৰ অৱস্থা শোচনীয়, উন্নয়ন স্তব্ধ, মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দিশত চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ  হৈছে। অখিল গগৈয়ে নগাও কাণ্ডকলৈও চৰকাৰ খনক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ ৰাজ্য চৰকাৰক উন্নয়নমূলক কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান  জনায়। অন্যথা অসমৰ জনতাই ৰাজপথলৈ ওলাই আহি চৰকাৰ ভাঙি দিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে।