তিনিচুকীয়া

৮ আগষ্ট

তিনিচুকীয়াত ডিঙি কটা অৱস্থাত এগৰাকী সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।তিনিচুকীয়াৰ ন-পুখুৰীত থকা কার্যলয়ৰ ভিতৰতে বীজেন দ্বীপ নামৰ সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে।

সাংবাদিক বীজেন দ্বীপৰ মৃতদেহ কার্যলয়ৰ ভিতৰত এইদৰে ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱাত সাংবাদিক গৰাকীক কোনোবা দুস্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন মহলে। ইতিমধ্যে আৰক্ষীৰ দল সাংবাদিক গৰাকীৰ কাৰ্যালয়ত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাত তিব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷ সাংবাদিক বীজেন দ্বীপ দিন-প্ৰতিদিন নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰীও আছিল।