আব্দুল হক

নগৰবেৰা 

৮ আগষ্ট

বৰপেটা জিলাৰ পাঠিমাৰীত মছজিদত উদ্ধাৰ কেকু সাপ। ৰাইজে কেকু সাপটো উদ্ধাৰ কৰি চমজাই দিলে আৰক্ষীক। বিগত কেইবাদিন ধৰি মছজিদত আছিল সাপটো।

বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাঠিমাৰীৰ নুৰী মছজিদত শনিবাৰে উদ্ধাৰ হয় এটা কেকু সাপ। স্থানীয় ৰাইজৰ সহযোগত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দক্ষিণ বৰপেটা জিলাৰ কৰ্মকৰ্তা আৰু আমছুৰ বিষয় ববীয়া সকলে সাপটো উদ্ধাৰ কৰি কাছুমাৰা আৰক্ষী থানাত চমজাই দিয়ে। জানিবলৈ পোৱা মতে নুৰী মছজিদত বিগত কিছুদিন ধৰি এটা কেকু সাপ আশ্ৰয়লৈ আছিল। স্থানীয় ৰাইজে কেকু সাপটো মছজিদত থকা বুলি গম পোৱাৰ পিছত ৰাইজে জিলা বন বিভাগক এই সম্পৰ্কে আগবত কৰাত দুদিনমান পূৰ্বে বন বিভাগৰ লোক আহি কেকু সাপটোক মছজিদৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা চিলাইছিক যদিও বন বিভাগ বিফল হয়। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে স্থনীয় ৰাইজক কেঁকু সাপটোৰ নিৰীক্ষণৰ দায়িত্ব স্থানীয় ৰাইজৰ হাতত দিছিল।অৱশেষত শনিবাৰে নিচেই পুৱাতে মছজিদৰ ভিতৰত সাপটোক প্ৰত্যক্ষ কৰি স্থানীয় কিছুমান ৰাইজ, সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ দক্ষিণ বৰপেটা জিলাৰ কৰ্মকৰ্তা আৰু আমছুৰ বিষয় ববীয়া সকলে সাপটো উদ্ধাৰ কৰি কাছুমাৰা আৰক্ষী থানাত চমজাই দিয়ে।

উদ্ধাৰ হোৱা কেকু সাপটোৰ দৈৰ্ঘ্য প্ৰায় ৯-১০ ইঞ্চি হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাইজে কেকু সাপটোৰ কোনোধৰণৰ ক্ষতি নকৰাকৈ উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়া কাৰ্যক কাছুমাৰা আৰক্ষীয়ে শলাগ লৈছে। কাছুমাৰা আৰক্ষীয়ে কেকু সাপটোক উদ্ধাৰ কৰা সংগঠনৰ নেতৃবৃন্দৰ সৈতে বৰপেটা জিলা বনবিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।