নগাঁও
৫ ডিচেম্বৰ

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে। শনিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে।

জিলা উপায়ুক্ত গৰাকীয়ে সদৰি কৰামতে নগাঁও জিলাত প্ৰশাসনৰ অধীনত ১০ টা তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টি আছে। নগাঁও জিলাত থকা তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টি সমূহ হৈছে বাৰপূজীয়া, টোপাকুচি, জৰাবাৰী, জোঙালবলহু, চহৰী, লুটুমাৰী, কমাৰগাঁও, নামবৰ লালুং গাঁও আৰু লালুংপাৰ। এই ১০ টা পৰিষদীয় সমষ্টিত ৩৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব। প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকলৰ ভিতৰত বিজেপিৰ ১০ জন, কংগ্ৰেছৰ ১০ জন, অগপৰ ২ জন আৰু অন্যান্য ১৬ জন। জিলাখনত ভোটগ্ৰহণৰ বাবে ১০১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ ভিতৰত ১৭ টা স্পৰ্শকাতৰ আৰু ৩৩ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।বাৰপূজীয়া, টোপাকুচি, চহৰী, কমাৰগাঁও সমষ্টিত ৩ টা অতি স্পৰ্শকাতৰ, জৰাবাৰীত ৯ টা অতি স্পৰ্শকাতৰ, জোঙালবলহুত ৫ টা অতি স্পৰ্শকাতৰ, নামবৰ লালুং গাঁৱত এটা অতি স্পৰ্শকাতৰ আৰু ৪ টা স্পৰ্শকাতৰ, লুটুমাৰীত ৬ টা অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে জিলা প্ৰশাসনে চিনাক্ত কৰিছে।

উপায়ুক্ত গৰাকীয়ে জনোৱা মতে তিৱা পৰিষদীয় সমষ্টিত ৮ হাজাৰ ২৪২ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪০৬১৭ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৩৯৬২৫ গৰাকী। ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ১৮৭ জন প্ৰিজাইডিং বিষয়া আৰু ৩৯৮ জন পুলিং বিষয়া নিযুক্তি দিয়া হৈছে।