চিৰাং

৫ ডিচেম্বৰ

চিৰাংত বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ উদ্ধাৰ। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত সিধাপাৰাত আৰক্ষীৰ অভিযান। কেইবাঠাইত আৰক্ষীয়ে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মাৰনাস্ত্ৰখিনি।

চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে বিটিচি পৰিষদীয় নিৰ্বাচন শান্তিপুৰ্ণ ভাৱে অনুষ্টিত কৰাৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ ফলস্বৰূপে শনিবাৰে এক বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত ৰাতিপুৱা ৬.৩০ বজাৰ পৰা চলোৱা অভিযানত দুপৰীয়া আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পলিথিনত মেৰিয়াই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা মাৰণাস্ত্ৰখিনি হৈছে ক্ৰমে মেগজিনৰ সৈতে এম ২০ পিষ্টল এটা, নাইন এমএম পিষ্টল ৩ টা, নাইন এমএম পিষ্টলৰ মেগজিন ৩ টা, মেগজিনৰ সৈতে ৭.৬৫ এমএম পিষ্টল ২ টা, ৰাইফল এটা, চাইনিজ হেণ্ড গ্ৰেণেড দুটা, ৩৬ নম্বৰৰ হেণ্ড গ্ৰেনেড দুটা, একে চিৰিজৰ সজিৱ গুলী ৯ টা, নাইন এমএমৰ সজিৱ গুলী ৭ টা,৭.৬৫ৰ সজিৱ গুলী। জিলা আৰক্ষী অধিক্ষক গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে যিকোনো প্ৰকাৰে জিলাখনত শান্তিপুৰ্ণ ভাৱে পৰিষদীয় নিৰ্বাচন অনুষ্টিত কৰিবলৈ আৰক্ষী সষ্টম হৈ আছে।

নিৰ্বাচনৰ দিনাখন সকলো ভোটগ্ৰহণ কেন্দ্ৰত দুতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব বুলিও জনায় আৰক্ষী অধিক্ষক গৰাকীয়ে। জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া, ৰুনিখাতা থানাৰ অচিসহ অন্যান্য আৰক্ষীৰ লোক জড়িত আছিল। আৰক্ষীয়ে বহু চেষ্টাৰ অন্তত এই অভিযান সাফল্যমণ্ডিত কৰি বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।