গুৱাহাটী, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ উত্তৰ পূৱৰ দুই ৰাজ্য ত্ৰিপুৰা আৰু মেঘালয়ত বিধানসভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানে ৰাজনৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ত্ৰিপুৰা আৰু মেঘালয়ত গেৰুৱা পতাকা উৰুৱাবলৈ বিজেপি দল উঠি পৰি লগাৰ সময়তে কংগ্ৰেছ দলৰ মাজদূৰ শাখা ৰাষ্ট্ৰীয় মাজদূৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় যুৱ সভাপতি উপস্থিত হৈছে উত্তৰ পূবত। শুক্ৰবাৰে গুৱাহাটী মহানগৰীত এক সংবাদ মেলত অংশগ্ৰহণ কৰি ৰাষ্ট্রীয় মাজদূৰ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কেন্দ্ৰৰ মোদী চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি দলটোৱে পক্ষপাতৰ ৰাজনীতি কৰে, বিজেপি দলটোৱে দেশৰ যুৱক সকলৰ লগত বিশ্বাসঘাত কৰিছে। নিৰ্বাচনৰ পূৰ্বে নিবনুৱা যুৱক সকলক সংস্থাপন দিয়াৰ কথা কোৱা বিজেপি চৰকাৰখন দেশৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে। নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰখনে দেশৰ শ্ৰমিক আৰু কৃষক শ্ৰেণীৰ ৰাইজৰ বাবে কোনোধৰণৰ উন্নয়নমূলক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত শ্ৰমিক আৰু কৃষকৰ অৱস্থা অতি শোচনীয় হৈছে বুলি মন্তব্য কৰে ৰাষ্ট্রীয় মাজদূৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ভনীন্দ্ৰ কুমাৰ ফুলে।সভাপতি গৰাকীয়ে লগতে কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে আগুৱাই যাব আৰু ২০১৯ত দেশত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ লগতে ত্ৰিপুৰা আৰু মেঘালয়ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰা সক্ষম হব। সংবাদ মেলত ৰাষ্ট্ৰীয় মাজদূৰ কংগ্ৰেছৰ কেইবাজনো ৰাষ্ট্ৰীয় নেতাৰ লগতে ৰাষ্ট্রীয় উপ সভাপতি মেহবুব হুছেইন উপস্থিত থাকি নিজৰ বক্তব্য প্ৰদান কৰি কেন্দ্ৰ চৰকাৰৰ নীতিসমূহক সমালোচনা কৰে।