মিৰ্জা, ১০ ছেপ্টেম্বৰঃ ৰাজ্যিক শিশুবিজ্ঞান সমাৰোহৰ উদ্যোগত  দক্ষিণ কামৰূপ মহাবিদ্যালয়ত ২৫তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখন অনুষ্ঠিত কৰা হয়। বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন শীৰ্ষক এই শিশুবিজ্ঞান সমাৰোহত কামৰূপ জিলাৰ ৪৭ খন বিদ্যালয়ৰ প্ৰায় ৩৫০ জন শিশুবিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। শিশুবিজ্ঞানীসকলে নিজে পৰীক্ষা-নিৰীক্ষা কৰি উলিওৱা প্ৰকল্পসমূহ সমাৰোহত প্ৰদৰ্শন কৰে।অংশগ্ৰহণকাৰী শিশুবিজ্ঞানীসকলক  ৰাজ্যিক শিশুবিজ্ঞান সমাৰোহে মানপত্ৰও প্ৰদান কৰে। প্ৰতিযোগীতাত প্ৰথম ১০টা স্থান প্ৰাপ্ত শিশুবিজ্ঞানীক ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰাৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিয়ে।