কামপুৰ, ১১ ছেপ্টেম্বৰঃ শিক্ষা বিভাগৰ উন্নয়নৰ কথাৰে দম্ভালি মৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ প্ৰকৃততে উন্নয়নৰ ছবিখন উদঙাইছে নগাঁও কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঢ়িমাৰী মজলীয়া বিদ্যালয়ে৷ উল্লেখ্য যে, বৰ্তমান ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। বিদ্যালয়ৰ গুণগত মানদণ্ড নিৰূপণৰ কাৰণে গুণোৎসৱৰ আয়োজন কৰা সময়তে নগাঁৱৰ ৰহা সমষ্টিৰ কুঢ়িমাৰী মজলিয়া বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বিদ্যালয়খনত নাই আন্তঃগাঁঠনি উন্নয়ন, ভাঙি জহি খহি গৈছে বিদ্যালয় গৃহ। চৌহদত নাই কোনো বেৰাৰ ব্যৱস্থা। অতি ভিতৰুৱা অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ দুৰ্গম হোৱাৰ কাৰণে বিদ্যালয়লৈ নাহে শিক্ষক-শিক্ষয়িত্ৰী। বিদ্যালয়ত পাঠদান দিয়া শিক্ষকসকলকো চৰকাৰী নিৰ্দ্দেশনাত অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে৷ যাৰ কাৰণে বৰ্তমান তিনিজন শিক্ষকে বিদ্যালয়খনৰ আঠটা শ্ৰেণী পাঠদান কৰিবলগীয়া হৈছে৷ বিদ্যালয়খনত হিন্দী আৰু বিজ্ঞানৰ বিষয় শিক্ষক নিযুক্তিৰ বাবে জিলা শিক্ষা বিষয়াক বাৰম্বাৰ পৰিচালনা সমিতিয়ে দাবী জনাইছে যদিও বৰ্তমানলৈ শিক্ষা বিভাগে কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে৷ স্থানীয় লোকে গুণোৎসৱৰ আয়োজন কৰাৰ আগত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নীত কৰাৰ কাৰণে শিক্ষা বিভাগক দাবী জনাইছে৷